কথা দিলে মুখ্যমন্ত্ৰীয়ে; ৩১ ডিচেম্বৰত এটাও ল’ৰা মৰিবলৈ নিদিয়ে পথ দুৰ্ঘটনাত

Himanta_Biswa-640x375

ৰাজ্যত অহৰ্নিশে হৈ থকা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এইবাৰ মুখমন্ত্ৰীয়ে ল’লে এক পণ। ৩১ ডিচেম্বৰত মটৰচাইকেল দুৰ্ঘটনাত এটাও ল’ৰা মৰিব নিদিওঁ বুলি পণ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অহা ৩১ ডিচেম্বৰৰ পুৱাৰে পৰা সমগ্ৰ অসমত পুলিচ ওলাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, “কোনো মটৰচাইকেল ৬০ৰ ওপৰত চলিব নিদিওঁ। ল’ৰা এজন মৰি গ’লে দেউতাক-মাকৰ কিমান কষ্ট হয় সেই কথা দেউতাক-মাকেহে বুজি পায়।”

ৰাজ্যত পথ দুৰ্ঘটনা হ্ৰাস কৰিবৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰা হব বুলি সদৰি কৰি এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

Also Read: Road Accident কলিয়াবৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন; দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকসহ চালকক আটক

তেওঁ লগতে কয়, “নৱবৰ্ষক আদৰা মানে উশৃংখলতা নহয়। এইবাৰ মই পণ লৈছো যে ৩১ ডিচেম্বৰত এটাও ল’ৰা মৰিব নিদিওঁ মটৰচাইকেল দুৰ্ঘটনাত।”

উল্লেখ্য যে, ইতিমধ্যে ৰাজ্যজুৰি চলিত মাহৰ ১ ডিচেম্বৰৰ পৰা বাইক আৰোহী তথা সহযাত্ৰীৰ হেলমেট পৰিধান বাধ্যতামূলক কৰা হৈছে।