• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইতিহাসক ভেঙুচালি নে অপবাখ্যা! ২০০১ চনত অসমলৈ আহিছিল স্বামী বিবেকানন্দ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2023 7:29 pm
Himanta Biswa Sarma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০১ চনত অসমলৈ আহিছিল স্বামী বিবেকানন্দ। ২০০১ চনৰ ১৭ এপ্ৰিলত স্বামী বিবেকানন্দই গুৱাহাটীত উপস্থিত হৈছিল। এই ভ্ৰমণত স্বামী বিবেকানন্দ অসমত তিনি দিন আছিল! গুৱাহাটীৰ প্ৰাগজ্যোতিষ প্ৰকল্পত অনুষ্ঠিত ভাৰতীয় জনতা যুৱ মৰ্চা, অসমএ বিবেকানন্দ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ৰাষ্ট্ৰীয় যুৱ দিৱসত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। প্ৰশ্ন উঠিছে, এয়া ইতিহাসৰ বিকৃতকৰণ নে অপবাখ্যা ? নে ইতিহাসৰ প্ৰতি ভেঙুচালি?

সমগ্ৰ বিশ্বজুৰি খ্যাতি থকা স্বামী বিবেকানন্দৰ জন্ম হৈছিল ১৮৬৩ চনৰ ১২ জানুৱাৰীত তেতিয়াৰ কলিকতাত। মাত্ৰ ৩৯ বছৰ জীয়াই থকা ভাৰতীয় এই মহান মহিষীগৰাকীৰ মৃত্যু হৈছিল ১৯০২ চনৰ ৪ জুলাইত।

১৯০২ চনত মৃত্যু হোৱা স্বামী বিবেকানন্দই ২০০১ ত অসমলৈ আহিছিল কেনেকৈ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে উত্থাপন হৈছে এই প্ৰশ্নৰ। সম্প্ৰতি মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত তেওঁ লিখিত ভাষণটো চাই ২০০১ চনৰ ১৭ এপ্ৰিলত বিবেকানন্দৰ অসম ভ্ৰমণৰ বিষয়ে অতি সাৱলীলভাৱে কৈ গৈছে। অতি আত্মবিশ্বাসেৰে তেওঁ কৈছে যে স্বামী বিবেকানন্দই অসমত তিনিটা দিন থাকি গৈছে আৰু কামাখ্যাও দৰ্শন কৰি গৈছিল।

এতিয়া প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰী ড° শৰ্মাই ভুলক্ৰমে ১৯০১ চনটোকে ২০০১ বুলি উল্লেখ কৰিছে নেকি? নে শেহতীয়াকৈ জোৰ দি অহা ইতিহাস পুনৰ লিখনৰ আধাৰত হিন্দুত্ববাদীৰ ইতিহাসৰ নকল-নবিচিহে কৰিছে?

উল্লেখ্য যে স্বামী বিবেকানন্দ অসমলৈ অহাৰ কোনো তথ্য প্ৰমাণ এতিয়ালৈকে নাই। ইফালে ১৯০১ চনত তেওঁ অসমলৈ অহাটো কোনোপধ্যেই সম্ভৱ নাছিল। ১৮৯৯ চনৰ জুন মাহত ভগ্ন স্বাস্থ্যৰে স্বামী বিবেকানন্দই পাশ্চাত্যলৈ যাত্ৰা কৰে। ইংলেণ্ডৰ পৰা তেওঁ আমেৰিকালৈ যায়।

আমেৰিকাৰ চানফ্ৰাঞ্চিচকো আৰু নিউইয়ৰ্কত বেদান্ত ছ’চাইটি প্ৰতিষ্ঠা কৰাৰ লগতে প্ৰতিষ্ঠা কৰে ক্যালিফোৰ্ণিয়াত শান্তি আশ্ৰম। ইয়াৰ পাছতে ১৯০০ চনৰ ফ্ৰান্সৰ পেৰিচ ধৰ্ম সভাত যোগদান কৰে। পেৰিচৰ পৰা স্বামী বিবেকানন্দই ভ্ৰমণ কৰে ব্ৰিটানি, ভিয়েনা, ইস্তান্বুল, এথেঞ্চ আৰু মিচৰ।

আৰু ১৯০০ চনৰ ৯ ডিচেম্বৰত স্বামী বিবেকানন্দই হাওৰাস্থিত বেলুৰ মঠত উপস্থিত হয়। কিছুদিন মায়াবতীৰ অদ্বৈত আশ্ৰমত কটোৱাৰ পিছত জীৱনৰ শেষ সময়লৈকে তেওঁ বেলুৰ মঠতে দিন অতিবাহিত কৰে। ভগ্ন স্বাস্থ্যৰ বাবে ১৯০১ চন ডিচেম্বৰত তেওঁ মঠতে আছিল আৰু জাপানৰ ধৰ্মৰ মহাসভাত যোগদানৰ নিমন্ত্ৰণ পালেও সেয়া গ্ৰহণ কৰিব পৰা নাছিল। ১৯০১ চনতো স্বামী বিবেকানন্দই অসমলৈ অহাৰ কোনো তথ্য নাই।

তেনে পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে কিয় এই গোকাট মিথ্যাচাৰৰ আশ্ৰয় ল’লে? আৰএছএছৰ গুডবুকত নাম ভৰাবলৈকে ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে ক’লে নেকি বুলিও প্ৰশ্ন হৈছে। মুখ্যমন্ত্ৰীয়ে পুনৰ অসমৰ প্ৰতিষ্ঠিত বুদ্ধিজীৱী আৰু বাওঁপন্থী ইতিহাসবিদৰ প্ৰসংগ আনি কয় যে তেওঁলোকে আমাৰ জাতীয় জীৱনক ক্ষতি কৰি থৈ গ’ল।

বাওঁপন্থীসকলে আমাৰ মাজলৈ বিচ্ছিন্নবাদী চিন্তা আৰম্ভণি কৰি থৈ গ’ল আৰু সেই চিন্তাৰ ফল আমি পদে পদে অনুভৱ কৰিছো বুলিও নিজ ভাষণত উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁৰ মতে, শৰাইঘাটৰ যুদ্ধৰ বিষয়ে সৱিশেষ আমাক কোনেও কোৱা নাছিলে, কাৰণ শৰাইঘাটৰ যুদ্ধৰ বিষয়ে বাওঁপন্থীসকলে জনাব বিচৰা নাছিল।

এই বক্তব্যৰ পৰাই এইটো ধাৰণাত কৰা অসুবিধা নহয় যে মুখ্যমন্ত্ৰীয়ে এইবাৰ বাঘ হাজৰিকা অথবা নৰ হাজৰিকা সৈতে স্বামী বিবেকানন্দক অনিচ্ছাকৃতভাৱে টানি অনা নাই। সেয়ে হিন্দুত্ববাদী ইতিহাসৰ নকল-নবিচি কৰিবলৈকে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইবাৰ ইতিহাস বিকৃতকৰণতে সীমাৱদ্ধ নাথাক চূড়ান্ত ভেঙুচালি কৰা বুলিয়ে ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm
চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd