NORTHEAST NOW (Assamese)

কাৰো গেৰান্টি নাই! হিন্দু-মুছলমান সকলোৱে ধৰ্ষণ কৰে, ধৰ্ম চাই কোনেও ধৰ্ষণ নকৰে : মুখ্যমন্ত্ৰী

June 29, 2021 8:53 pm · কল্পজ্যোতি শইকীয়া
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো।

‘কাৰো গেৰান্টি নাই! হিন্দু-মুছলমান সকলোৱে ধৰ্ষণ কৰে, ধৰ্ম চাই কোনেও ধৰ্ষণ নকৰে।‘ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াৰ মন্তব্যৰ বিৰোধিতা কৰি এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে, শইকীয়াই ধৰ্ষণৰ ক্ষেত্ৰত ৯০ শতাংশই ধৰ্মীয় সংখ্যালঘু লোক জৰিত থাকে বুলি কালি এক বিতৰ্কিত মন্তব্য কৰিছিল।

তাৰ পাছতে তেওঁক উভতি ধৰি এইদৰে কয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

শইকীয়াক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়, ‘প্ৰত্যেকটো কথাতে ধৰ্মীয় সংখ্যালঘুক দোষ জাপি দিয়াটো উচিত নহয়। মই যদি কওঁ মুছলমানে ধৰ্ষণ কৰে কাইলৈ কোনোবা হিন্দুৱেও ধৰ্ষণ কৰিব।‘

বেয়া মানুহৰ গেৰান্টি হিন্দু বা মুছলমান কাৰোৰে ল’ব নোৱাৰি বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰত্যকটো কথাতে ধৰ্মীয় সংখ্যালঘুক দোষ জাপি দিব নালাগে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

Related News