• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুকলি হোৱাৰ পথ কন্টকময়! অখিলৰ বিৰুদ্ধে পুনৰ NIA ৰ ষড়যন্ত্ৰৰ অভিযোগ ৰাইজৰ দলৰ

‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সপোনতো অখিল গগৈৰ জনপ্ৰিয়তাৰ ভূতে খেদিছে’ ৰাইজৰ দল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 29, 2021 8:36 pm
459
VIEWS
Share on FacebookShare on Twitter

২০১৯ ৰ ভৰপক কা আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হৈ NIA ৰ অধীনত গোচৰ চলি থকা অখিল গগৈৰ মুকলি আকাশৰ তললৈ অহা পথ যেন পুনৰ কন্টকময় হৈ পৰিছে।

অখিল গগৈৰ বিৰুদ্ধে পুনৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA ই ষড়যন্ত্ৰ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে ৰাইজৰ দলে।

আজি গুৱাহাটীৰ মঠঘৰীয়াস্থিত কেন্দ্ৰীয় কাৰ্য্যালয়ত ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াই সংবাদমেল সম্বোধন কৰি কয় যে চাৰ্জ ফ্ৰেমৰ শুনানিৰ শেষ মুহূৰ্তত NIA ই অতিৰিক্ত অভিযোগনামা দাখিল কৰে। নাম ঠিকনা গোপনে ৰখা বেনামী সাক্ষীৰ ভিত্তিত NIA ই এই অতিৰিক্ত অভিযোগনামা দাখিল কৰে।‘

ইপিনে, অখিল গগৈৰ জনপ্ৰিয়তাত চৰকাৰে ভয় খাই নতুন ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি দাবী কৰি শইকীয়াই আৰু কয়, ‘NIA ক ব্যৱহাৰ কৰি এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। আগন্তুক বিধানসভা উপ-নিৰ্বাচনৰ আগত যাতে অখিল গগৈ কাৰাগাৰৰ পৰা বাহিৰ ওলাব নোৱাৰে তাৰ বাবে ষড়যন্ত্ৰ আৰম্ভ কৰিছে।‘

‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সপোনতো অখিল গগৈৰ জনপ্ৰিয়তাৰ ভূতে খেদিছে।‘ শইকীয়াই এইদৰে কয়।

চানমাৰি থানাৰ ১৩/২০ নম্বৰ গোচৰটো NIA ই স্পেচিয়েল গোচৰ চলাই আছে বুলি উল্লেখ কৰি শইকীয়াই আৰু কয়, ‘এই গোচৰটোৰ চাৰ্জ ফ্ৰেম শুনানিৰ শেষ মুহূৰ্তত আজি NIA ই অখিল গগৈৰ বিৰুদ্ধে অতিৰিক্ত অভিযোগনামা দাখিল কৰিছে। পূৰ্বৰ অভিযোগনামাৰ দৰে এই অভিযোগনামাটো নাই কোনো প্ৰত্যয়জনক সাক্ষী-প্ৰমাণ। ‘

‘কাইলৈ এই গোচৰটোত NIA ৰ যুক্তিপ্ৰদৰ্শন আছে। কিন্তু তাৰ পূৰ্বে আজি পুনৰ দাখিল কৰা হ’ল অতিৰিক্ত অভিযোগ নামা।‘ শইকীয়াই এইদৰে কয়।

শইকীয়াই লগতে কয়, ‘সকলো বিৰোধী ৰাজনৈতিক শক্তিৰ মাজত আত্মসমৰ্পনৰ মনোভাৱ দেখা গৈছে। এই মুহূৰ্তত অখিল গগৈয়ে আপোচবিহীনভাৱে বিজেপি বিৰোধিতাৰ পতাকাখন তুলি ধৰিছে। বিজেপি চৰকাৰখনে জানে যে অখিল গগৈয়ে কেতিয়াও আত্মসমৰ্পন নকৰে আৰু আপোচো নকৰে। এই কথাত শংকিত হৈ অখিল গগৈ যাতে কোনোপধ্যে মুকলি আকাশৰ তললৈ আহিব নোৱাৰে তাৰ বাবে ৰচনা কৰিছে ইটোৰ পাছত সিটো ষড়যন্ত্ৰ।‘

এই ষড়যন্ত্ৰ নেওচি অখিল গগৈ অনতিপলমে মুকলি আকাশৰ তললৈ আহিব বুলি আশা প্ৰকাশ কৰে ৰাইজৰ দলে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd