গণশিল্পী খগেন মহন্তৰ স্মৃতিত উদ্যান উদ্বোধন মুখ্য মন্ত্ৰী সোণোৱালৰ

17-08-19 Guwahati-CM inaugurate Ganashilpa Khagen Mahanta Udyan (6)

ফটো : য়ু বি

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে খগেন মহন্ত উদ্যান উদ্বোধন কৰে।

ৰাজ্যখনৰ সাংস্কৃতিক জগতৰ এগৰাকী মহাৰথী খগেন মহন্তৰ স্মৃতিত ৰাজ্য চৰকাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উদ্যানখন স্থাপন কৰিছে।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে অনুষ্ঠানটোৰ আয়োজন কৰিছিল।

অনুষ্ঠানত ভাষণ দি মুখ্য মন্ত্ৰীয়ে কয় যে গণশিল্পী খগেন মহন্তই সৃষ্টি কৰা  চিৰযুগমীয়া গানসমূহে ৰাজ্যখনৰ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

তেওঁ লগতে কয় যে মহন্তৰ সৃষ্টিৰাজিয়ে মানবীয় অনুভুতি তথা বিশ্ব ভাতৃত্ববোধৰ কথা প্ৰকাশ কৰিছে।

শিল্পীগৰাকীয়ে ৰাজ্যখনৰ লোক সংগীতক অনাতাঁৰ তথা চলচ্চিত্ৰৰ জৰিয়তে জনপ্ৰিয় কৰি তুলিছিল আৰু তেওঁৰ গানসমূহে অসমৰ সীমা অতিক্ৰমি বাহিৰতো প্ৰতিধ্বনিত হৈ আহিছে।

মুখ্য মন্ত্ৰী সোণোৱালে শনিবাৰে খগেন মহন্ত উদ্যান উদ্বোধন কৰাৰ মুহূৰ্তত।

ৰাজ্যখনৰ যুৱ প্ৰজন্মই খগেন মহন্তই তেওঁৰ সৃষ্টিৰ মাজেৰে দি যোৱা মানবীয় প্ৰমূল্যসমূহ মনত ৰাখিব লাগিব।

কেৱল সেই প্ৰমূল্যসমূহ ধৰি কোনোৱে ধৰি ৰাখিলেহে শিল্পীগৰাকীৰ প্ৰতি প্ৰকৃত সন্মান জনোৱা হ’ব।

ৰাজ্যখনৰ জনজীৱনৰ সৈতে মহন্তৰ গভীৰ আত্মীয়তাৰ কথা সুঁৱৰি সোণোৱালে কয় যে শিল্পীগৰাকীয়ে তেওঁৰ গোটেই জীৱন অসমৰ লোক সংগীতক জনপ্ৰিয় তথা প্ৰচাৰ কৰাত আত্মনিয়োগ কৰিছিল।

সোণোৱালে কয় যে তেওঁ ৰাজ্যখনৰ সাংস্কৃতিক জীৱনলৈ বিপুল বৰঙণি আগবঢ়াই গৈছে।

সোণোৱালে কয় যে তেওঁৰ গানসমূহত কেৱল অসমৰ গ্ৰাম্য জীৱনৰ ছবি পৰিস্ফুট হোৱাই নহয়, মহন্তৰ গানসমূহত অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰো ছবি প্ৰতিফলিত হৈছে।

তেওঁ লগতে উল্লেখ কৰে যে খগেন মহন্তৰ পুত্ৰ অংগৰাগ (পাপন)মহন্তয়ো ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে।