• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টিংখং পলিটেকনিকৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2019 7:00 pm
Tingkhong polytechnic
646
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত কাৰিকৰী শিক্ষাৰ সম্প্ৰসাৰণৰ অংশ হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং বেতনি গাঁৱত এছ অ পি দি আঁচনিৰ অধীনত নিৰ্মাণ হ’ব লগীয়া টিংখং পলিটেকনিকৰ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপন কৰি মুখ্য মন্ত্ৰীয়ে কয় যে শিক্ষাৰ যোগেদিহে এখন সমাজ আৰু ৰাষ্ট্ৰ শক্তিশালী হয়। সেয়ে সমগ্ৰ ৰাজ্যতে শিক্ষাৰ আন্তঃগাঁথনি সবল কৰাৰ উপৰি উন্নত মানৰ শৈক্ষিক পৰিবেশ গঢ় দিয়াৰ ক্ষেত্ৰত আমাৰ চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।

বৰ্তমান যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ বুলি মন্তব্য কৰি কয় যে অভিভাৱক আৰু শিক্ষক-শিক্ষয়ত্ৰীসকল হৈছে এক মহাশক্তি আৰু এই শক্তিয়ে ছাত্ৰ-ছাত্ৰীসকল সৎ, দায়বদ্ধ সুনাগৰিক হিচাপে গঢ়ি তোলাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব।

ইয়াৰ উপৰি আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থীৰ সুবিধাৰ্থে বিজেপি চৰকাৰে বিদ্যালয়, মহাবিদ্যালয় পৰ্যায় পৰ্যন্ত বিনামূলীয়া পাঠ্যপুথি, য়ুনিফৰ্ম যোগান ধৰাৰ লগতে নামভৰ্তিৰ মাছুল আৰু পৰীক্ষা মাছুল ৰেহাই দিয়া বুলিও মুখ্য মন্ত্ৰী সোণোৱালে প্ৰকাশ কৰে।

অসমখনক বিদেশীমুক্ত কৰিব লাগে বুলি দাবী উত্থাপন হৈ থকা প্ৰসংগতো সোণোৱালে তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে অসমীয়া যুৱক-যুৱতীয়ে দক্ষ আৰু কৌশলী হৈ উঠি কৰ্মক্ষেত্ৰত প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিলেহে অসমখন বিদেশী মুক্ত কৰিব পৰা যাব।

ইয়াৰ উপৰি ৰাজ্যৰ শিক্ষাখণ্ডক এক বিশেষ মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যত ৬খন চিকিৎসা মহাবিদ্যালয়, ৯খন অভিযান্ত্ৰিক মহাবিদ্যালয়, ৩০ খন পলিটেকনিক আৰু প্ৰতিটো উন্নয়নখণ্ড সামৰি ২৪০খন দক্ষতা উন্নয়ন কেন্দ্ৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে।

উল্লেখ্য যে পলিটেকনিকখন অসম চৰকাৰৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত ৫০ কোটি ব্যয় সাপেক্ষে ৩৫ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব। এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি মুখ্য মন্ত্ৰী সোণোৱালে ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰ সৱলীকৰণ আঁচনিৰো শুভাৰম্ভণি কৰে।

আজিৰ এই অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱালৰ উপৰি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, আৰু টিংখং বিধানসভা সমষ্টিৰ বিধায়ক বিমল বৰা, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd