বিশ্বনাথ জিলাৰ বুৰৈ আৰু চত্ৰং নৈৰ খহনীয়া প্ৰতিৰোধী পদক্ষেপৰ বুজ ল’লে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিশ্বনাথ জিলাৰ লালপুখুৰীত বুৰৈ নদীৰ খহনীয়াৰ ফলত ভাবুকি সৃষ্টি হোৱা অঞ্চল সমূহ পৰিদৰ্শন কৰে।

জলসম্পদ বিভাগে জিঅ’ বেগ ব্যৱহাৰ কৰি খহনীয়া অংশৰ প্ৰতিৰোধৰ পদক্ষেপ লৈছে। তদুপৰি, এই খহনীয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথলৈ ভাবুকি অহাৰ শংকা থকা হেতু মুখ্য মন্ত্ৰীয়ে এই প্ৰতিৰোধৰ বাবে অস্থায়ী ব্যৱস্থা গ্ৰহণৰ বাবে জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে।

ইয়াৰ পাছতে উপস্থিত থকা সাংবাদিক সকলৰ সৈতে হোৱা কথা-বতৰাত মুখ্য মন্ত্ৰীয়ে বুৰৈ নদীয়ে সৃষ্টি কৰা খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে যথোচিত পদক্ষেপ ল’ব বুলি উল্লেখ কৰাৰ লগতে প্ৰতিবছৰে বানপানীত ৰাজ্যখনৰ বহু ঠাইত গৰাখহনীয়াৰ ফলত বহু ভূমি নদীৰ বুকুত জাহ গৈছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ বিগত ৭ দশকত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমগৰাকী প্ৰধান মন্ত্ৰী যিয়ে উত্তৰ-পূবৰ বান আৰু গৰাখহনীয়া সমস্যাৰ বিজ্ঞানন্মত অধ্যয়নেৰে ইয়াৰ স্থায়ী সমাধান সূত্ৰ উলিওৱাৰ বাবে পদক্ষেপ লৈছে।

প্ৰধান মন্ত্ৰীয়ে নিটি আয়োগৰ উপাধ্যক্ষৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় কমিটীয়ে নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি গঠনৰ বাবে পৰামৰ্শ আগবঢ়াইছে তথা আগন্তুক লোকসভা অধিৱেশনৰ সময়ত চৰকাৰে এই দিশত প্ৰয়োজনীয় পদক্ষেপ ল’ব বুলি কয়।

ইয়াৰ পাছতে মুখ্য মন্ত্ৰীয়ে গহপুৰত চক্ৰং নদীৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে ৰূপায়ণ কৰি থকা গাৰ্ড ৱাল নিৰ্মাণৰ কাম-কাজৰো পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। ৫ কোটি টকা ব্যয়ৰে এই কাম-কাজ জলসম্পদ বিভাগে ৰূপায়ণ কৰি আছে।