টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

CM in Blast site

ফটো: নৰ্থইষ্ট নাও।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে তিনিচুকীয়া জিলাৰ টিংৰাই বজাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

তিনিচুকীয়াৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত টিংৰাইৰ বজাৰ এলেকাত শুকুৰবাৰে সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক আহত হৈছিল।

নিহত লোক দুজনক টিংৰাই এলেকাৰ বাসিন্দা সঞ্জিত সিং(২৫) আৰু সুৰজিৎ তালুকদাৰ (২২) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, বিস্ফোৰণত আহত মনজিৎ দাস আৰু ঘনশ্যাম আগৰৱালা ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছে।

টিংৰাইত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত দুজনকৈ নিৰীহ লোকক হত্যাৰ ঘটনাত তীব্ৰভাৱে নিন্দা কৰে।

‘’আমি এই কাপুৰুষালি কাৰ্যৰ আঁৰত থকা ব্যক্তিৰ বিৰুদ্ধে শক্তিশালী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিম। যিকোনো ত্যাগৰ বিনিময়ত শান্তি অক্ষুন্ন ৰখা হ’ব। আমি অঞ্চলটোত সকলোকে শান্তি বজাই ৰখাৰ বাবে আহ্বান জনাইছো। আমি এনে ধৰণৰ কাৰ্যক কেতিয়াও সহ্য নকৰো,’’-শৰ্মাই কয়।

আনহাতে, ঘটনাৰ বলি ব্যক্তিৰ পৰিয়াললৈ অসম চৰকাৰে এককালীন ৫লাখ টকাৰ সাহায্য ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টিংৰাই বজাৰ পৰিদৰ্শনৰ সময়ত তেওঁক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰামশ্বৰ তেলী, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, তিনিচুকীয়াৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষান, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে।

ইপিনে, আৰক্ষীৰ তদন্তকাৰী দলে কালিৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত আলফা স্বাধীনৰ বিৰুদ্ধে আঙুলি টোৱাইছে যদিও আলফা স্বাধীনে এক প্ৰেছ বিবৃতিত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত তেওঁলোক জৰিত থকাৰ কথা অস্বীকাৰ কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে, শনিবাৰে আলফা স্বাধীনে এক বিবৃতি যোগে কোভিড-১৯ অতিমাৰীৰ বাবে তিনিমাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছে।