NORTHEAST NOW (Assamese)

দুই লাখ লোকৰ সমাৱেশেৰে বড়োলেণ্ড দিৱসৰ প্ৰস্তুতি হাগ্ৰামাৰ

February 8, 2019 11:21 am · ৰিনয় বসুমতাৰী
ফাইল ফটো। সৌজন্য : ফাৰ্ষ্ট প'ষ্ট

অহা ১০ ফেব্ৰুৱাৰিত কোকৰাঝাৰৰ বডোফা নগৰত উদযাপন কৰা হ’ব ১৭ সংখ্যক বড়োলেণ্ড দিৱস। উক্ত দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বৃহস্পতিবাৰে কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে জানিবলৈ দিয়ে যে বড়োলেণ্ড দিৱস উদযাপনৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাটো মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিশ্চিত কৰিছে।

তদুপৰি, উক্ত অনুষ্ঠানত ৰাজ্যখনৰ বিত্ত তথা গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্মানীয় অতিথি হিচাপে যোগদান কৰিব।

ইতিমধ্যে আয়োজকসকলে বিটিচি চুক্তিৰ ১৭ সংখ্যক দিৱসটো দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ বাবে ক্ষিপ্ৰভাৱে প্ৰস্তুতিৰ কাম চলাইছে। হাগ্ৰামা মহিলাৰীয়ে জানিবলৈ দিয়া মতে তেওঁলোকে প্ৰায় দুই লাখ লোকৰ সমাৱেশ ঘটোৱাৰ বাবে প্ৰচেষ্টা চলাইছে।

আনহাতে, উক্ত বড়োলেণ্ড দিৱসৰ লগত সংগতি ৰাখি বিটিচি অঞ্চলৰ বাবে সুনাম কঢ়িয়াই অনা বঁটা বিজয়ী লেখক, ক্ৰীড়াবিদ তথা শিল্পীক সম্বৰ্দ্ধনা জনোৱা হ’ব।

এই অনুষ্ঠানতে বিটিচি প্ৰশাসনে প্ৰৱৰ্তন কৰা প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম সাহিত্য বঁটা, ২০১৯ আৰু নীলেশ্বৰ ব্ৰহ্ম সাংস্কৃতিক বঁটা,২০১৯ গুৰুত্বপূৰ্ণ বঁটা দুটাও প্ৰদান কৰা হ’ব।

Related News