NORTHEAST NOW (Assamese)

বিশিষ্ট সাংবাদিক কুলদীপ নায়াৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ মুখ্য মন্ত্ৰী সোণোৱালৰ

August 23, 2018 5:07 pm · এন ই নাও নিউজ
Updated: August 23, 2018 5:08 pm

প্ৰখ্যাত সাংবাদিক কুলদীপ নায়াৰৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

‘সাংবাদিকতাৰ ক্ষেত্ৰখনত এগৰাকী নিষ্ঠাৱান সাংবাদিক হিচাপে দায়বদ্ধতাৰে যি অৰিহণা আগবঢ়াই গ’ল সেয়া ভাৰতবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব,’ এক শোকবাৰ্তাত প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতি এইদৰে শ্ৰদ্ধাঞ্জলি জনাই মুখ্য মন্ত্ৰীগৰাকীয়ে।

সাংবাদিকতাৰ ক্ষেত্ৰখনৰ উপৰি নিবন্ধকাৰ, বৃটেইনত ভাৰতৰ উচ্চায়ুক্ত আৰু মানৱ অধিকাৰ কৰ্মীৰূপে নায়াৰে আগবঢ়োৱা অৰিহণাও স্মৰণ কৰে সোণোৱালে।

বিশিষ্ট সাংবাদিকগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ মুখ্য মন্ত্ৰীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Related News