ৰঙালী বিহু উপলক্ষে মুখ্য মন্ত্ৰী সোণোৱালৰ অসমবাসীলৈ শুভেচ্ছা

assam1

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

ৰঙালী বিহু উপলক্ষে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছে। মুখ্য মন্ত্ৰীয়ে লগতে অসমীয়া নৱবৰ্ষৰ বাবেও অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণক ওলগ জনাইছে।

আগন্তুক অসমীয়া নৱবৰ্ষই ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ লগতে সমগ্ৰ ৰাজ্যখনৰ বাবে সুখ-শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে।

আজি এক প্ৰেছ বিবৃতি যোগে মুখ্য মন্ত্ৰীয়ে কয় যে বিহুৱে আমাৰ মনোজগতৰ উৎকৰ্ষতাৰ পৰিচয় দাঙি ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ বান্ধোন শক্তিশালী কৰি আহিছে। কৃষি ভিত্তিক উৎসৱ বিহুয়ে আমাৰ শক্তিশালী জন-জীৱনক জীপাল কৰাৰ উপৰি আমাৰ চিন্তা-ভাৱনাক গতিশীল সত্ত্বালৈ ৰূপান্তৰিত কৰিছে।

লগতে বিবৃতিযোগে কয় যে বিহুৰ নান্দনিক সৌৰভ আজি সীমাৰ পৰিধি ভাঙি বিশ্ব প্ৰেক্ষাপটত উজলি উঠিছে। বিহু উদযাপনে ৰাজ্যখনত শন্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ পৰিৱেশ অধিক সুদৃঢ় কৰাৰ বাবে জনসাধাৰণৰ সাংস্কৃতিক মন জীপাল কৰি ঐক্যবদ্ধভাৱে আগবঢ়াৰ পৰিৱেশন নিৰ্মাণ কৰিব বুলি মুখ্য মন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।