• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উজনি অসমৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক, বহু গুৰুত্বপূৰ্ণ নিৰ্দেশ

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
April 15, 2020 6:51 pm
CM Sonowal holds review meeting with Upper Assam SPs in Dibrugarh

মুখ্য মন্ত্ৰীৰ বৈঠকৰ ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে উজনি অসমৰ দহখন জিলাৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে ডিব্ৰুগড়ত বৈঠকত মিলিত হয় আৰু জিলাসমূহৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ লয়।

বৈঠকত মুখ্য মন্ত্ৰীয়ে ক’ৰনাভাইৰাছৰ বিৰুদ্ধে যুঁজত সন্মুখত থকা অসম আৰক্ষীৰ শলাগ লোৱাৰ লগতে বৰ্ধিত লকডাউনৰ সময়চোৱাত সাধাৰণ ৰাইজৰ অসুবিধা হ্ৰাস কৰাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ তেওঁলোকক আহ্বান জনায়।

শেহতীয়াকৈ গোলাঘাট জিলাৰ দেৰগাঁৱত আৰক্ষীৰ দ্বাৰা শক্তি বিভাগৰ কেইগৰাকীমান কৰ্মচাৰী দায়িত্ব পালনৰ সময়ত হাৰাশাস্তিৰ সন্মুখীন হোৱা ঘটনাৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে তেনে ধৰণৰ অবাঞ্চিত ঘটনা যাতে পুনৰ ঘটিবলৈ নাপায় তাৰ বাবে আৰক্ষী বিভাগক সতৰ্ক কৰি দিয়ে। এনে ধৰণৰ ঘটনাই আৰক্ষীৰ ভাল কামসমূহত কালিমা সানে বুলি মন্তব্য কৰি মুখ্য মন্ত্ৰী সোণোৱালে আৰক্ষী বিভাগক স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, কৃষি, পশুপালনকে আদি কৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে সহযোগিতা বৰ্তাই ৰাখি কাম কৰিবলৈ আহ্বান জনায়। মুখ্য মন্ত্ৰী সোণোৱালে কয় যে যেতিয়া চৰকাৰৰ সকলো বিভাগে এক হৈ সহযোগিতাৰে কাম কৰে তেনে পৰিস্থিতিতহে চৰকাৰি কাম-কাজসমূহৰ সূচল ৰূপায়ণ সম্ভৱ হৈ উঠে তথা জনসাধাৰণে সেই কামৰ সুফল লাভ কৰিবলৈ সক্ষম হয়। বিভিন্ন চৰকাৰী বিভাগে সফলতাৰে নিজৰ দায়িত্ব সম্পাদন কৰাৰ ক্ষেত্ৰত আৰক্ষী বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যখনত লকডাউনৰ যাতে কঠোৰভাৱে ৰূপায়িত হয় আৰু ৰাইজে লকডাউনৰ নীতি-নিৰ্দেশনাসমূহ পূৰ্ণ ৰূপত মানি চলে সেয়া নিশ্চিত কৰিবলৈ আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে।

আৰক্ষী বিভাগৰ কাম-কাজ সম্পৰ্কে ৰাইজৰ মতামত জানিবলৈ ছ’চিয়েল মিডিয়াযোগে জনমত ল’বলৈ পৰামৰ্শ আগবঢ়াই মুখ্য মন্ত্ৰী সোণোৱালে এই দুৰ্য্যোগপূৰ্ণ সময়ত জটিলতাৰ সন্মুখীন হৈ অহা জনসাধাৰণক খাদ্য, ঔষধকে ধৰি প্ৰয়োজনীয় সা-সামগ্ৰী যোগানৰ বাবে আৰক্ষী বিভাগে লোৱা পদক্ষেপৰ শলাগ লয়। মুখ্য মন্ত্ৰী সোণোৱালে লগতে লকডাউনৰ এই সময়চোৱাত খাদ্য সামগ্ৰী আৰু ঔষধৰ যিকোনো ধৰণৰ যোগানৰ ক্ষেত্ৰত বিশেষকৈ বয়োজ্যেষ্ঠ নাগৰিক, গৰ্ভৱতী মহিলা আৰু শিশুসকলৰ প্ৰয়োজনসমূহৰ বেলিকা অতি তৎপৰতাৰে পদক্ষেপ ল’বলৈ আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি মুখ্য মন্ত্ৰী সোণোৱালে উজনি অসমৰ জিলাকেইখনৰ আৰক্ষী অধীক্ষকসকলক লাইন চৰ্দাৰ আৰু চাহ বাগিচাৰ লোকসকলৰ সৈতে সহযোগিতাৰে চাহ বাগিচাৰ লাইনসমূহত নিৰীক্ষণৰ বাবেও নিৰ্দেশ দিয়ে।

দেশৰ বিভিন্ন ৰাজ্যৰ যিসকল শ্ৰমিক লকডাউনৰ এই সময়চোৱাত অসমত আবদ্ধ হৈ আছে তেওঁলোকৰ সঠিক যতনৰ বাবে আৰক্ষী বিভাগক প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ মুখ্য মন্ত্ৰী সোণোৱালে নিৰ্দেশ দিয়ে। এই শ্ৰমিকসকলক নিৰাপদে ৰখাৰ বাবে অসম চৰকাৰে ইতিমধ্যে তেওঁলোকৰ নিজা ৰাজ্য-প্ৰশাসনসমূহক প্ৰতিশ্ৰুতি দিছে বুলি উল্লেখ কৰি এই প্ৰতিশ্ৰুতি সফলতাৰে ৰূপায়ণৰ দিশত অসম আৰক্ষীক বলিষ্ঠতাৰে কাম কৰিবলৈ মুখ্য মন্ত্ৰী সোণোৱালে আহ্বান জনায়। অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰা বিক্ৰেতাসকলক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যত যাতে তেনে সামগ্ৰীৰ কৃত্ৰিম নাটনি কোনেও সৃষ্টি কৰিব নোৱাৰে তাৰ ওপৰত চোকা নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে সমাজৰ দৰিদ্ৰ শ্ৰেণীলৈ আগবঢ়োৱা চাউল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত যাতে কোনো যতি নপৰে আৰু এই লোকসকল কোনো অসুবিধাৰ সন্মুখীন নহয়, সেই দিশত গুৰুত্ব দিবলৈ আৰক্ষী বিভাগক মুখ্য মন্ত্ৰী সোণোৱালে যথোচিত পদক্ষেপ ল’বলৈ কয়।

ছ’চিয়েল মিডিয়াযোগে সমাজত হিংসা, ঘৃণা আৰু অশান্তি বিয়পোৱা বাৰ্তা যাতে কোনেও বিয়পাব নোৱাৰে আৰু এই জটিল সন্ধিক্ষণত সমাজত শান্তি আৰু সম্প্ৰীতি বাহাল থাকে তাৰ বাবে ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ তাৎক্ষণিক সতৰ্কবাণী দিবলৈ আৰক্ষী বিভাগক মুখ্য মন্ত্ৰী সোণোৱালে নিৰ্দেশ দিয়ে। তদুপৰি, স্বাস্থ্য বিভাগৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মী হিচাপে দায়িত্ব সম্পাদন কৰা আশা কৰ্মীসকলে ৰাইজলৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা বা হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ বাবে প্ৰতিটো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক নিজ থানা এলেকাৰ আশা কৰ্মীসকলৰ তালিকা সংগ্ৰহ কৰিবলৈয়ো মুখ্য মন্ত্ৰী সোণোৱালে কয়। ইয়াৰ উপৰি অসমৰ মাজেদি চুবুৰীয়া ৰাজ্যসমূহলৈ সৰবৰাহ হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতায়াত কোনো কাৰণতে বিঘ্নিত নহয় সেয়া নিশ্চিত কৰিবলৈ আৰক্ষী বিভাগক মুখ্য মন্ত্ৰী সোণোৱালে নিৰ্দেশ দিয়ে।

অসমৰ ৩২খন জিলা কৰ’না ভাইৰাছ সংক্ৰমণৰ সংক্ৰান্তত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে চিহ্নিত কৰা ৭৫০খন ‘হাইৰিস্ক’ জিলাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে এই জিলাসমূহ প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ৰ নিৰীক্ষণত আছে। এই জিলাসমূহত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ আৰক্ষী বিভাগক প্ৰস্তুত থাকিবলৈও মুখ্য মন্ত্ৰী সোণোৱালে নিৰ্দেশ দিয়ে। আনহাতে সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ চাহ উদ্যোগ যথেষ্ঠ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনীয়তা থকা বুলি মন্তব্য কৰি মুখ্য মন্ত্ৰী সোণোৱালে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ব্যৱসায় সংক্ৰান্তীয় কাম-কাজৰ ক্ষেত্ৰত বাধা নোহোৱাকৈ যাতে চলাচল কৰিব পাৰে তাৰ বাবে আৰক্ষী বিভাগক প্ৰয়োজনীয় অনুমতি প্ৰদান কৰিবলৈয়ো নিৰ্দেশ দিয়ে।

এই পৰ্য্যালোচনা বৈঠকত উত্তৰ, উত্তৰ-পূব, পূব আৰু কেন্দ্ৰীয় সংমণ্ডলৰ উপ আৰক্ষইি মহাপৰিদৰ্শকসকলৰ লগতে ডিব্ৰুগড়, শদিয়া, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ, গোলাঘাট আৰু চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে।

ডিব্ৰুগড় জিলা উপায়ুক্তৰ সভাগৃহত বৈঠকখন অনুষ্ঠিত হৈছিল।

Tags: COVID-19
অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd