গুৱাহাটীত সন্মিলন কেন্দ্ৰ আৰু ৰাজ্যিক অতিথিশালাৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰীৰ

শুকুৰবাৰে আধাৰশিলা স্থাপনৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱাল

শুকুৰবাৰে মহানগৰীৰ হোটেল ব্ৰহ্মপুত্ৰ অশোকৰ সমীপত সন্মিলন কেন্দ্ৰ তথা ৰাজ্যিক অতিথিশালাৰ আধাৰশিলা স্থাপন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আধাৰশিলা স্থাপন কৰি সোণোৱালে গুৱাহাটীৰ বুকুত অত্যাধুনিক অতিথিশালা এক জল্পনা-কল্পনা আছিল কিন্তু আজি সেই কল্পনাই বাস্তৱ ৰূপ লাভৰ দিশে গতি কৰিলে বুলি মন্তব্য কৰে।

আনহাতে, সোণোৱালে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনি শক্তিশালী কৰাত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি কয় যে চৰকাৰে লোৱা পদক্ষেপৰ বাবেই আজি এনেধৰণৰ অত্যাধুনিক সন্মিলন কেন্দ্ৰ তথা ৰাজ্যিক অতিথিশালা নিৰ্মান কৰাৰ বাবে আধাৰশিলা স্থাপন কৰা হয়।

পূৰ্বতে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সভা-সমিতি অনুষ্ঠিত কৰিব পৰাকৈ সুবিশাল সন্মিলন কেন্দ্ৰ নাছিল বাবে যথেষ্ট অসুবিধাৰ সন্মুখিন হ’বলগীয়া হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গড়কাপ্টানি বিভাগে সময় নিৰ্দ্ধাৰিতভাবে প্ৰকল্পটি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব।

মুখ্য মন্ত্ৰীয়ে কয় যে, গুৱাহাটীক দক্ষিণ পূৱ এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘এক্ট ইষ্ট পলিচি’ৰ ফলত আজি গুৱাহাটীত আছিয়ান দেশসমূহৰ যুৱ সন্মিলনকে ধৰি ৰাষ্ট্ৰদূত সকলৰ আগমন সম্বৱ হৈ উঠিছে। গুৱাহাটী মহানগৰী এক বিশ্ব কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ পথত আগবাঢ়িছে বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

অনুষ্ঠানত অসম বিধান সভাৰ প্ৰক্তন অধ্যক্ষ তথা হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, মুখ্য সচিব আলোক কুমাৰ, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।