প্ৰধান মন্ত্ৰী শ্ৰম যোগী মান-ধন যোজনাৰ অধীনত সামৰি লোৱা হ’ব ভ্ৰাম্যমাণ থিয়েটাৰৰ কৰ্মী, কলা-কুশলীক : মুখ্য মন্ত্ৰী

CMO mobile theater

মুখ্য মন্ত্ৰী সোণোৱাল

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান-ধন যোজনাৰ অধীনত ভ্ৰাম্যমাণ থিয়েটাৰৰ শ্ৰমিক আৰু কলা-কুশলীক সামৰি লোৱাৰ বাবে যথোচিত পদক্ষেপ ল’বলৈ শ্ৰম বিভাগক নিৰ্দেশ দিয়ে।

সোণোৱালে লগতে আশা, অংগনবাড়ী কৰ্মী, শিপিনীৰ উপৰি ১৮ৰ পৰা ৪০ বছৰ বয়সৰ অসংগঠিত খণ্ডৰ শ্ৰমিক যাৰ আয় প্ৰতি মাহত ১৫ হাজাৰ টকাতকৈ কম সেই শ্ৰমিকসকলক ইয়াৰ অধীনত সামৰি লোৱাৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিছে।

সোমবাৰে জনতা ভৱনৰ মুখ্য মন্ত্ৰী সভা কক্ষত কিষাণ মান-ধন যোজনা, শ্ৰমযোগী মান-ধন যোজনা ইত্যাদি আঁচনি সমূহৰ ৰূপায়নৰ পৰ্যালোচনা কৰি সোণোৱালে এই নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, এই আঁচনিৰ বাবে ১৮ বছৰ বয়সৰ কৰ্মী এগৰাকীয়ে প্ৰতিমাহে ৫৫ টকা তথা ৪০ বছৰ বয়সৰ কৰ্মী এজনে মাহিলী ২০০ টকাকৈ বৰঙণি আগবঢ়ালে ৬০ বছৰৰ পৰা কৰ্মী গৰাকীয়ে মাহিলী ৩০০০ টকাকৈ পেঞ্চন লাভ কৰিব।

বৈঠকত প্ৰধান মন্ত্ৰী কিষাণ মান-ধন যোজনা আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ পেঞ্চন আঁচনি ৰূপায়ন সম্পৰ্কতো বিস্তৃতভাবে আলোচনা কৰা হয়।

উল্লেখযোগ্য যে, ৰাজ্যিক শ্ৰম বিভাগৰ তৰফৰ পৰা মুখ্য মন্ত্ৰীক ইতিমধ্যে ৬ খন জিলাৰ ৩৯ টা খণ্ডক সামৰি প্ৰধান মন্ত্ৰী শ্ৰম যোগ আঁচনি সম্বন্ধে জনসচেতনতা কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে বুলি বৈঠকত অৱগত কৰা হয়।

বৈঠকত মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্চয় লোহিয়া, বিত্ত, শ্ৰম, কৃষি বিভাগৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।