NORTHEAST NOW (Assamese)

অগপৰ শীৰ্ষ নেতৃত্বই অন্ধকাৰত ৰাখিছে তৃণমূল কৰ্মীক : অগপৰ বিৰুদ্ধে সৰৱ সোণোৱাল

December 1, 2018 8:22 am · এন ই নাও নিউজ
বটদ্রবাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত মুখ্য মন্ত্ৰী সোণোৱাল।

অগপক কটাক্ষ কৰি এইবাৰ নিৰ্বাচনী প্ৰচাৰত সৰৱ হৈ পৰিল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শুকুৰবাৰে  নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বটদ্ৰবাত মিত্ৰ দল অগপক কটাক্ষ কৰে মুখ্য মন্ত্ৰীৰ। অগপৰ নেতৃত্বই দলটোক বিপথে পৰিচালিত কৰা বুলি উল্লেখ কৰি অগপ নেতা কেইজনে তৃণমূল পৰ্যায়ৰ নিষ্ঠাৱান কৰ্মী সকলক অন্ধকাৰত ৰখা বুলিও অভিযোগ আনে মুখ্য মন্ত্ৰী সোণোৱালে।

মুখ্য মন্ত্ৰী সোণোৱালে কয়, ‘’মুখ্যমন্ত্ৰীৰ আসনখন অতি স্পৰ্শকাতৰ সেয়ে মই সংযমী হ’বই লাগিব, নহ’লে ৰাইজে মোক ক্ষমা নকৰিব। অগপৰ ভোটদাতা ৰাইজক মই শ্ৰদ্ধা কৰো কিন্তু নেতৃত্বই তেওঁলোকক বিপথে পৰিচালিত কৰিছে, কংগ্ৰেছৰ অপশাসনৰ বাবে অগপৰ জন্ম হৈছিল।’’

মুখ্য মন্ত্ৰীগৰাকীয়ে ৰাইজক পাঁচ বছৰৰ সময় বিচাৰি উদাত্ত কণ্ঠে কয় যে যদিহে ৰাইজে পঞ্চায়তী ৰাজ ব্যৱস্থাটোক ভাৰতীয় জনতা পাৰ্টিক অৰ্পণ কৰে তেনেহ’লে স্বয়ং মুখ্য মন্ত্ৰী গৰাকীয়ে জন প্ৰতিনিধিক কাম কৰাবলৈ বাধ্য কৰাব। আনহাতে, নিৰ্বাচিত প্ৰতিনিধিয়ে যদি দুখীয়াৰ ধন আত্মসাৎ কৰে তেন্তে তেনে প্ৰতিনিধিক কৰায়ত্ত কৰি জেললৈ প্ৰেৰণ কৰা হ’ব বুলিও কয় সোণোৱালে।

গঁড় হত্যাৰ প্ৰসংগত কংগ্ৰেছ দলক কটাক্ষ কৰি সোণোৱালে কয় যে বিজেপি চৰকাৰৰ দিনতেই অসম সম্পদ গঁড়ক ৰক্ষাবেক্ষণ দিবলৈ সফল হৈছে। তদুপৰি, প্ৰথমবাৰৰ বাবে ফাষ্ট ট্ৰেক কৰ্টৰ জৰিয়তে চোৰাং চিকাৰীক শাস্তি দিয়াৰ কথাও তেওঁ ব্যক্ত কৰে।

ভাষণ প্ৰসংগত সোণোৱালে কয়, ‘’ কংগ্ৰেছে জাতি-ধৰ্মৰ নামত ৰাজনীতি কৰে, ভূমিৰ পট্টা আমি দিছো ,কংগ্ৰেছে দিব নোৱাৰিলে। তৰুণ গগৈয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে, আমি কৰিছো। গুৰুজনাৰ জন্মস্থান আমি দখল মুক্ত কৰিছো।‘’

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘’মই তথ্যসহকাৰে কৈছো কংগ্ৰেছৰ আমোলত ৩ লাখ ২২ হাজাৰ দুখীয়া লোকৰ ঘৰৰ বাবে অহা ধন আত্মসাৎ কৰিলে।’’’

Related News