NORTHEAST NOW (Assamese)

জুবিন, অংগৰাগ সহিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে মুখ্য মন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

April 19, 2020 6:21 pm · এন ই নাও নিউজ
Updated: April 19, 2020 6:34 pm
মুখ্য মন্ত্ৰী সোণোৱাল

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আঝু ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে টেলিফোনত ক’ৰ’নাৰ ভয়াবহতাৰ প্ৰসংগত টেলিফোনযোগে বাৰ্তালাপ কৰে।

টেলিফোনত হোৱা কথা-বতৰাত মুখ্য মন্ত্ৰী সোণোৱালে প্ৰতিগৰাকী বশিষ্ট ব্যক্তিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ মনোবল অটুত ৰখাৰ দিশত প্ৰেৰণা যোগায়।

মুখ্য মন্ত্ৰীয়ে বাৰ্তালাপ কৰা ব্যক্তি কেইগৰাকী হ’ল লোক সংস্কৃতিৰ সাধক ড০ বীৰেন নাথ দত্ত, প্ৰাক্তন আৰক্ষী সঞ্চালৰ প্ৰধান নিশিনাথ চাংকাকতি, বিষিষ্ট বিজ্ঞানী তথা শিক্ষাবিদ ড০ কুলেন্দু পাঠক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ভৱেন ডেকা।

ইয়াৰ উপৰি সাহিত্যিক বিমল ফুকন, বিশিষ্ট শিশু সাহিত্যিক গগণ চন্দ্ৰ অধিকাৰী, প্ৰাক্তন ডি আই জি হিৰণ্য ভট্ট প্ৰমুখ্যে কেইবা গৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰে।

মুখ্য মন্ত্ৰীয়ে এই সকল লোকক কোভিদ-১৯ৰ সংক্ৰমণ প্ৰতিহত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ কিছু পৰিমানে সফল হোৱা বলি উল্লেখ কৰে।

আনহাতে মুখ্য মন্ত্ৰী সোণোৱালে অসমৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ আৰু অংগৰাগ মহন্ত (পাপন)ৰ সৈতেও টেলিফোনযোগে কথা-বতৰা পাতে। বাৰ্তালাপত সোণোৱালে জুবিনৰ সুস্বাস্থ্য কামনা কৰে।

Related News