অগপৰ তিনি মন্ত্ৰীৰ পদত্যাগৰ পাছত সংশ্লিষ্ট বিভাগৰ তদাৰক কৰিছে মুখ্য মন্ত্ৰীয়ে

assam1

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপ-বিজেপিৰ মিত্ৰতাত আউল লগাৰ পাছত মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা অগপৰ তিনিগৰাকী মন্ত্ৰীৰ কামকাজ চোৱাচিতা কৰিছে মুখ্য মন্ত্ৰী সোণোৱালে।

অগপৰ পদত্যাগী তিনিগৰাকী মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু পনীভূষণ চৌধুৰীৰ দায়িত্বত থকা বিভাগকেইটাৰ দায়িত্ব কাৰো হাতত অৰ্পণ নকৰাৰ বাবে সংশ্লিষ্ট বিভাগৰ কামকাজৰ তদাৰক মুখ্য মন্ত্ৰীয়ে নিজেই কৰিবলগীয়া হৈছে।

উক্ত মন্ত্ৰীকেইজনৰ দায়িত্বত থকা কৃষি, জলসম্পদ, পশুপালন আৰু পশু চিকিৎসা, খাদ্য-অসামৰিক যোগান, তথ্য-প্রযুক্তিকে আদি গুৰুত্বপূর্ণ বিভাগসমূহৰ ফাইল মুখ্যমন্ত্রীৰ কার্যালয়লৈ প্রেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

যানিব পৰা মতে সংশ্লিষ্ট বিভাগকেইটাৰ দায়িত্বত থকা প্ৰশাসনীয় বিষয়াসকললৈ মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াই এই নিৰ্দেশ দিছে। তদুপৰি, কিছুমান গুৰুত্বপূৰ্ণ ফাইলত মুখ্য মন্ত্ৰীয়ে চহীও কৰিছে।

আনহাতে, সংশ্লিষ্ট বিভাগকেইটাৰ বাবে চলিত বিত্তীয় বৰ্ষৰ বাজেটত পুজি নিৰ্দ্ধাৰণকে ধৰি আঁচনি সম্পৰ্কীয় সকলো কাম মুখ্য মন্ত্ৰী সোমোৱালে নিজেই তদাৰক কৰিছে। আনকি, খাদ্য, অসামৰিক আৰু যোগান বিভাগৰ দ্বাৰা ৰূপায়ণ কৰিব লগীয়া ১ টকাত চাউল যোগানৰ আঁচনিখনো মুখ্য মন্ত্ৰীৰ পৰামৰ্শ মতেই লোৱা হৈছে।

ইপিনে, মুখ্য মন্ত্ৰীয়ে বিভাগকেইটাৰ বিষয়া-কৰ্মচাৰীৰ নিযুক্তি-বদলি আদিৰ ফাইলবোৰ সাময়িকভাৱে বন্ধ কৰি ৰাখিছে।

মুখ্য মন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগকেইটাৰ দায়িত্ব আন সতীৰ্থ মন্ত্ৰীৰ ওপৰত ন্যস্ত নকৰালৈকে নিজেই চোৱাচিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিয়নো অগপৰ তিনিগৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰাৰ পাছত বিভাগকেইটাৰ প্ৰশাসনীয় কামকাজ স্থবিৰ হৈ পৰাত মুখ্য মন্ত্ৰী সোণোৱালে নিজেই সেই দায়িত্ব গ্ৰহণ কৰিছে।