NORTHEAST NOW (Assamese)

পুলৱামাৰ প্ৰসংগ উত্থাপনেৰে নিৰ্বাচনী বিধি উলংঘা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

April 18, 2019 10:23 pm · কল্পজ্যোতি শইকীয়া
মহানগৰীৰ ফাঁচিবজাৰত নিৰ্বাচনী সভাত ভাষণ দিছে মুখ্য মন্ত্ৰী সোণোৱালে। ফটো : নৰ্থইষ্ট নাও

“পুলৱামাত সেনাৰ ওপৰত হোৱা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ মোদীয়ে কেনেদৰে দিলে সেয়া সকলোৱে দেখা পালে। সেয়েহে সকলোৱে মোদীক ভোট দি জয়যুক্ত কৰিব লাগিব আৰু পুনৰবাৰ প্ৰধান মন্ত্ৰী বনাব লাগিব।” গুৱাহাটীত নিৰ্বাচনী ভাষণত এইদৰে পুলৱামাৰ প্ৰসংগ উত্থাপনেৰে নিৰ্বাচনী বিধি উলংঘা সৰ্বানন্দ সোণোৱালৰ।

মহানগৰীৰ ফাঁচিবজাৰৰ শৰ্মা চুইট্চৰ সন্মুখত মুখ্য মন্ত্ৰী সোণোৱালে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰথমখন নিৰ্বাচনী প্ৰচাৰসভাত পুলৱামা প্ৰসংগৰে ফাঁচিবজাৰবাসীৰ পৰা ভোট ভিক্ষা কৰে।

প্ৰথমে অসমীয়াতে ভাষণ আৰম্ভ কৰে যদিও সৰ্বাধিক হিন্দীতে ভাষণ দিয়ে মুখ্য মন্ত্ৰীয়ে সোণোৱালে। ভাষণৰ মাজতে কাষৰ মছজিদৰ পৰা আজানৰ মাত শুনি ৰৈ যায় মুখ্য মন্ত্ৰীগৰাকী। তাৰ পাছতে ভাষণ আৰম্ভ কৰি ওজা, প্ৰধান মন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাৰ ওপৰি কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্য মন্ত্ৰী সোণোৱালে।

“এগৰাকী সাংসদ নিৰ্বাচিত হোৱাৰ পাছত ৰাইজৰ স্বাভিমান ৰক্ষা কৰিবৰ বাবে বহুখিনি যুঁজ দিব লাগে। কুইন ওজা এই গুণৰ অধিকাৰী, গতিকে তেওঁক ৰাষ্ট্ৰীয় নেতৃত্বই টিকট প্ৰদান কৰিছে,”- কুইন ওজাৰ প্ৰশংসা কৰি সোণোৱালে এইদৰে কয়।

তদুপৰি, প্ৰধান মন্ত্ৰীয়ে অসমক কিমান ভাল পায় সেই কথা কামৰ জৰিয়তে দাঙি ধৰিছে বুলিও তেওঁ ভাষণত কয়। সোণোৱালে কয়, “৫৫ বছৰ কাল কংগ্ৰেছে শাসন কৰিছিল যদিও একো পৰিৱৰ্তন আনিব নোৱাৰিলে। মোদীয়ে নিষ্ঠা আৰু কৰ্মৰে সকলো ভাৰতীয়ৰ মন জয় কৰিলে। মোদী বিশ্বাস আৰু আস্থাৰ পাত্ৰ।”

ভাষণ প্ৰসংগত লগতে সোণোৱালে কয়,”কংগ্ৰেছে দেশ আৰু সমাজক একেবাৰে দুৰ্বল আৰু অ-পৰিস্কাৰ কৰি পেলালে। দেশৰ পৰা গৰিবী হটাব নোৱাৰিলে,মোদীয়ে বিভিন্ন আঁচনিৰ জৰিয়তে গৰিবী হটোৱাৰ চেষ্টা কৰিছে।”

সোণোৱালে কয়, ‘’মোদীয়ে এ ফ’ৰ আসাম বুলি কয়, তেওঁ অসমৰ বাবে বহুখিনি অৱদান আগবঢ়ালে। অসমক ইমান সন্মান কোনেও দিয়া নাছিল। কংগ্ৰেছৰ প্ৰধান মন্ত্ৰীয়ে ১৯৬২ চনত অসমক চীনৰ হাতত গতাব বিচাৰিছিল, অসমৰ লোকে বচাওঁক বচাওঁক কোৱাৰ পাছতো সুৰক্ষা দিয়া নাছিল।‘’

মুখ্য মন্ত্ৰী কয়, “দেশৰ কাৰণে ইমান খিনি কৰাৰ পাছত মোদীক ভোট নিদিয়াটো না-ইনচাফি হ’ব। আপোনালোকে ১০০ শতাংশ ভোট প্ৰদানেৰে আপোনালোকৰ প্ৰাৰ্থীক জয়যুক্ত কৰিব লাগিব।”

উপস্থিত ৰাইজক উদ্দেশ্যে সোণোৱালে আহ্বান জনাই কয়,”ৰাজনৈতিক নেতাৰ প্ৰতিশ্ৰুতি দিলে সেয়া পালন নকৰিব পাৰে, কিন্তু জনসাধাৰণে দিয়া প্ৰতিশ্ৰুতি কেতিয়াও ভংগ নকৰে। সেয়েহে পূব গুৱাহাটী সমষ্টিৰ পৰা ১০০ শতাংশ ভোটেই বিজেপিক দিব বুলি মই বিশ্বাসী।”

Related News