• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাৰ ৰাজকুমাৰে আৰক্ষী থানাৰ ভিতৰতে যুৱকক সোধালে প্ৰচণ্ড চৰ

Pinaki Das পিনাকী দাস
আগৰতলা , April 18, 2019 11:40 pm

2 min read

939
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি তথা ৰাজকুমাৰ প্ৰদ্যুৎ কিশোৰ মানিক্য দেববাৰ্মাই বৃহস্পতিবাৰে ত্ৰিপুৰাৰ খোৱাই আৰক্ষী থানাৰ ভিতৰতে এজন যুৱকক চৰিওৱা ভিডিঅ’ ৰাজহুৱা হৈ পৰাৰ পাছতে বিতৰ্কৰ সৃষ্টি কৰিছে।

তথ্য অনুসৰি, ৰাজকুমাৰ প্ৰদ্যুতৰ বায়েক তথা পূব ত্ৰিপুৰা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰজ্ঞা দেব বাৰ্মাৰ কনভয়ত আক্ৰমণ কৰা এজন যুৱকক আৰক্ষীয়ে ধৰি আনে।

কংগ্ৰেছ প্ৰাৰ্থী প্ৰজ্ঞা দেব বাৰ্মাৰ কনভয়ত বৃহস্পতিবাৰে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ আঁতৰৰ খোৱাই জিলাৰ তুলাশিখৰত একাংশ লোকে আক্ৰমণ কৰে।

এই সন্দৰ্ভত আৰক্ষীয়ে মিথুন দেব বাৰ্মা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে।

ভিডিঅ’টোত দেববাৰ্মাই তেওঁৰ একাংশ সমৰ্থকৰ সৈতে আৰক্ষী থানাৰ ভিতৰত প্ৰৱেশ কৰা দেখা যায়।

আৰক্ষী থানাৰ ভিতৰত যুৱকজনে এখন বেঞ্চৰ পৰা উঠি আহে আৰু হাতযোৰ কৰি ক্ষমা খোজে।

কিন্তু ৰাজকুমাৰগৰাকীয়ে হঠাতে আৰক্ষী বিষয়াৰ সন্মুখতে যুৱকজনক প্ৰচণ্ড চৰ সোধায়। তেওঁক সমৰ্থকসকলে বাহিৰলৈ উলিয়াই লৈ যায়।

উল্লেখযোগ্য যে পূব ত্ৰিপুৰা লোকসভা সমষ্টিত ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও আইন শৃংখলাজনিত কাৰণত নিৰ্বাচন আয়োগে ২৩ তাৰিখে অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ পিছুৱাই দিয়ে।

ইয়াৰ পূৰ্বে, বায়েকৰ কনভয়ত আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদ্যুতে তেওঁৰ টুইটাৰত ঘটনাটোত পোহনীয়া গুণ্ডা জড়িত থকাৰ অভিযোগ উত্থাপন কৰে। তেওঁ টুইট কৰিছে : ‘’ খোৱাইৰ তুলাশিখৰত পোহনীয়া গুণ্ডাৰ দ্বাৰা মোৰ বাইদেউক আক্ৰমণ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰু বহুতো আছে! মন্ত্ৰী ডাঙৰীয়া (আপুনি জানে মই কাৰ কথা ক’ব খুজিছো) আপুনি মোৰ বাইদেউক আক্ৰমণ কৰিবলৈ ভাড়া কৰা বাবে লোকসকলক ধন দিবই লাগিব।‘’

Tags: নিৰ্বাচন ২০১৯

Recent News

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd