মাজুলীত কাইলৈ ভূমিহীন পৰিয়ালক পট্টা, ভূমি বিতৰণ কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

Assam CM Sonowal greets people on Eid-Ul-Fitr

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

অসম চৰকাৰৰ নতুন ভূমিনীতিৰ অধীনত মুখ্য মন্ত্ৰী সোণোৱালে ২৮ জানুৱাৰিত, অৰ্থাৎ কাইলৈ মাজুলীৰ ৪৫১৩টা ভূমিহীন পৰিয়ালক ভূমি আবণ্টন আৰু পট্টা প্ৰদান কৰিব।

ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত আৰু মাজুলী জিলা প্ৰশাসনৰ সহযোগত দুপৰীয়া ডৰিয়াপাৰস্থিত মাজুলী মহাবিদ্যালয় খেলপথাৰত ‘ভূমিহীন হিতাধিকাৰীলৈ ভূমি পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ সমাৰোহ’ অনুষ্ঠিত হ’ব আৰু মুখ্য মন্ত্ৰীজন তাত উপস্থিত থাকিব।

প্ৰশাসনৰ তথ্য মতে, মাজুলী জিলাৰ মুঠ ৪৫১৩টা ভূমিহীন পৰিয়াল এই কাৰ্য্যসূচীৰ দ্বাৰা উপকৃত হ’ব। ইয়াৰে ৩০০৯টা পৰিয়ালক ভূমি আবণ্টন পত্ৰ আৰু ১৫০৪টা পৰিয়ালক ম্যাদী খেৰাজী পট্টা প্ৰদান কৰা হ’ব।

একেটা অনুষ্ঠানতে জিলা দুৰ্য্যোগ প্ৰশমন প্ৰাধিকৰণে ২০১৯ চনৰ বানত ঘৰৰ বাচন-বৰ্তন আৰু কাপোৰ-কানি হেৰুওৱা মাজুলীৰ ১৭৬টা দুখীয়া পৰিয়ালক SDRD আৰু NDRF-ৰ নিয়মানুসৰি আৰ্থিক সাহাৰ্য্য বিতৰণ প্ৰক্ৰিয়াৰো শুভাৰম্ভ কৰা হ’ব।

আক্ৰান্ত  পৰিয়ালবোৰৰ প্ৰতিটোলৈ মুঠ ৩,৮০০ টকাকৈ ক্ষতিপূৰণ আগবঢ়োৱাৰ ব্যৱস্থা আছে। কাইলৈ এনে দহটা পৰিয়ালক এই সাহায্যৰ অনুমোদন পত্ৰ প্ৰদান কৰা হ’ব।

ইয়াৰোপৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ চতুৰ্দশ বিত্তীয় আয়োগ পুঁজিৰ অধীনত মাজুলীৰ ১৮৭খন বিদ্যালয়ক শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে পুঁজি আবণ্টন পত্ৰ বিতৰণ কৰা হ’ব আৰু ইয়াৰে ৫খন বিদ্যালয়ক মুখ্যমন্ত্ৰী সোণোৱালে নিজ হাতে পুঁজি আবণ্টন পত্ৰ বিতৰণ কৰিব।

মাজুলী জিলা পৰিষদৰ জৰিয়তে চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰ প্ৰথম কিস্তি হিচাপে ১০০খন প্ৰাথমিক, মজলীয়া আৰু উচ্চ মাধ্যমিক বিদ্যালয়ক মুঠ ৮১.০৪ লাখ টকা আগ বঢ়োৱা হ’ব।

দ্বিতীয় কিস্তি হিচাপে ৮৭খন প্ৰাথমিক, মজলীয়া আৰু উচ্চ মাধ্যমিক বিদ্যালয়ে মুঠ ৬.৪৩ লাখ টকা লাভ কৰিব।

কাইলৈৰ এই সমাৰোহত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাও সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব। অনুষ্ঠানত ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়েও ভাগ ল’ব।