• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটা আৰক্ষীৰ অভিযানত জব্দ দুখনকৈ চোৰাং কয়লা ভৰ্তি ডাম্পাৰ, ৫ গৰাকী ব্যক্তিক আটক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
December 18, 2020 7:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষী, তদন্ত আয়োগ তথা দল সংগঠনৰ অবৈধ কয়লা বিৰোধী স্থিতিৰ মাজতেই মাৰ্ঘেৰিটাত বৃস্পতিবাৰে নিশা আৰক্ষীয়ে জব্দ কৰিছে দুখনকৈ চোৰাং কয়লা ভৰ্তি ডাম্পাৰ৷

প্ৰাপ্ত তথ্য অনুসৰি,  নিশা মাৰ্ঘেৰিটা আৰক্ষীয়ে অভিযান চলাই মাৰ্ঘেৰিটা নামডাঙৰ পৰা দুখন কয়লা ভৰ্টি ডাম্পাৰ জব্দ কৰে৷

নিশা নামডাঙৰ এক দুৰ্গম ক্ষেত্ৰত কয়লা বোজাই কৰি থকাৰ সময়ত মাৰ্ঘেৰিটা মহকুমা আৰক্ষীৰ অভিযানকাৰী দলটোৱে উক্ত ডাম্পাৰ দুখন জব্দ কৰিবলৈ সক্ষম হয়৷

ইয়াৰে এখন নাম্বাৰ প্লেট বিহীন আৰু আনখনৰ নম্বৰ হল এ এছ ২৩ চি চি ৪৯৯৯৷

নম্বৰ প্লেট বিহীন ডাম্পাৰখন ডিগবৈৰ বগাপানীৰ আৰু আনখন ডাম্পাৰৰ গৰাকী ডিগবৈৰ টিংৰাই ষ্টেচনৰ মণ্টু বৰুৱা নামৰ লোকজনৰ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পায়৷

ইপিনে, উক্ত অভিযানত ৫ জনকৈ লোককো কৰায়ত্ব কৰিছে আৰক্ষীয়ে৷ এই ৫ গৰাকী ব্যক্তিৰ ভিতৰত অবৈধ কয়লা সৰবৰাহৰ সতে জড়িত ৩ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে আন দুজনক সোধ পোচৰ বাবে আটক কৰে৷

গ্ৰেপ্তাৰ কৰা লোককেইজন ক্ৰমে মাৰ্ঘেৰিটাৰ এ পি অ কলনিৰ নিবাসী বিপিন গগৈৰ পুত্ৰ সৌৰভ গগৈ, ডিগবৈ বগাপানীৰ প্ৰদীপ গগৈৰ পুত্ৰ কৃষ্ণ কান্ত গগৈ আৰু আনজন ডিগবৈ বগাপানীৰ শ্ৰীপ্ৰসাদ চাহুৰ পুত্ৰ কৃষ্ণ প্ৰসাদ চাহু।

ইয়াৰ মাজৰ কয়লা চোৰ সৌৰভ গগৈৰ দুখনকৈ চোৰাং কয়লা বুজাই থকা ডি আই মেক্স গাড়ী কিছুদিন পূৰ্বে আৰক্ষী নিশা জব্দ কৰিছিল যদিও গোপন অংকৰ বিনিময়ৰ উক্ত নিশাই গাড়ী দুখন আৰক্ষীয়ে মুকলাই দিয়ে বুলি বিশেষ সূত্ৰত প্ৰকাশ।

উল্লেখ যোগ্য যে, বিগত সময়ত মাৰ্ঘেৰিটাত দিনে নিশাই বৃহৎ বৃহৎ ট্ৰাক, ট্ৰেলাৰ যোগে চোৰাং কয়লাৰ সৰবৰাহ চলিছিল যদিও বৰ্তমানে একাংশ দল সংগঠনৰ প্ৰতিবাদ, চোৰাং কয়লাৰ বিৰুদ্ধে চৰকাৰৰ তদন্ত, কয়লা মাফিয়াৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান তথা আৰক্ষীৰ তৎপৰতাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানে কয়লাৰ কলা ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷

ইয়াৰ পাছতো এচাম কয়লা চোৰে আৰক্ষী, প্ৰশাসন তথা তদন্তকাৰী বিষয়ালৈ বুঢ়া আঙুলি দেখোৱাই নিৰ্বিঘ্নে চলাই গৈছে চোৰাং কয়লাৰ সৰবৰাহ৷

এইক্ষেত্ৰত মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক কয়লা চোৰে মেনেজ কৰি প্ৰতি নিশাই অবৈধ চোৰাং কয়লা সৰবৰাহ হৈ অহাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে দুখনকৈ কয়লা বোজাই কৰি থকা ডাম্পাৰ জব্দ হোৱা ঘটনাই বিশেষ তাপৰ্য্য বহন কৰিছে।

মাৰ্ঘেৰিটা মহকুমাৰ নামদাং, বৰগোলাই, লিডু , টিপং, জাগুন আদি অঞ্চলৰ পৰা কয়লা চোৰে প্ৰতি নিশাই কম বেছি পৰিমাণে কয়লা সৰবৰাহ কৰি মাকুম, পানীতোলা আদি অঞ্চলৰ একাংশ কয়লা ডিপো, একাংশ ইটা ভাটাত কয়লা জমা কৰি কয়লা ট্ৰলি ট্ৰাকে গাড়ীৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ চোৰাংভাৱে সৰবৰাহ কৰি আহিছে বুলি সূত্ৰত প্ৰকাশ।

এইক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কেনেধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব। অন্যহাতে কিছুদিন পূৰ্বে একাংশ দল সংগঠনে মাৰ্ঘেৰিটা মহকুমাত কয়লা চোৰাং বেহা সম্পূৰ্ণ বন্ধ কৰাৰ লগতে কয়লা চোৰৰ বাসগৃহত আয়কৰ বিভাগৰ তালাচী চলাবলৈ দাবী জনাই মাৰ্ঘেৰিটা মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও এই মূহুৰ্ত্বলৈকে চৰকাৰ প্ৰশাসনৰ গা-লৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিজিঅ’থেৰাপিষ্টসকল চিকিৎসক নহয়, নামৰ আগত লিখিব নোৱাৰে ‘ডক্তৰ’, জনালে স্বাস্থ্য মন্ত্ৰালয়ে

ফিজিঅ’থেৰাপিষ্টসকল চিকিৎসক নহয়, নামৰ আগত লিখিব নোৱাৰে ‘ডক্তৰ’, জনালে স্বাস্থ্য মন্ত্ৰালয়ে

September 11, 2025 5:34 pm
উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

September 11, 2025 5:25 pm
নিৰ্বাচনমুখী বিহাৰত আৰ জে ডি নেতাক গুলীয়াই হত্যা : প্ৰশ্নৰ সন্মুখীন নীতিশ প্ৰশাসন

নিৰ্বাচনমুখী বিহাৰত আৰ জে ডি নেতাক গুলীয়াই হত্যা : প্ৰশ্নৰ সন্মুখীন নীতিশ প্ৰশাসন

September 11, 2025 4:52 pm
নেপালৰ জেলৰ পৰা পলায়ন ১৫ হাজাৰ কুখ্যাত অপৰাধী, ভাৰতত প্ৰৱেশৰ চেষ্টা! বাঢ়িছে আতংক

নেপালৰ জেলৰ পৰা পলায়ন ১৫ হাজাৰ কুখ্যাত অপৰাধী, ভাৰতত প্ৰৱেশৰ চেষ্টা! বাঢ়িছে আতংক

September 11, 2025 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিজিঅ’থেৰাপিষ্টসকল চিকিৎসক নহয়, নামৰ আগত লিখিব নোৱাৰে ‘ডক্তৰ’, জনালে স্বাস্থ্য মন্ত্ৰালয়ে

ফিজিঅ’থেৰাপিষ্টসকল চিকিৎসক নহয়, নামৰ আগত লিখিব নোৱাৰে ‘ডক্তৰ’, জনালে স্বাস্থ্য মন্ত্ৰালয়ে

September 11, 2025 5:34 pm
উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

September 11, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd