ৰাজ্যত পুনৰ এনকাউণ্টাৰ: আৰক্ষীৰ গুলীত নিহত কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী

হাইলাকান্দি আৰক্ষীৰ গুলীত নিহত হৈছে কৰিমগঞ্জৰ সুতৰকান্দিৰ অবৈধ কয়লা ব্যৱসায়ী আব্দুল আহাদ চৌধুৰী। লালা আৰক্ষী থানাৰ লখিনগৰৰ ওচৰত আৰক্ষীয়ে চৌধুৰীক গুলীয়াই হত্যা কৰিছে।

আব্দুল আহাদ চৌধুৰীক কৰিমগঞ্জৰ লালা আৰক্ষীৰ দলে অবৈধ কয়লা সম্পৰ্কীয় গোচৰৰ সন্দৰ্ভত আটক কৰিছিল। লালা আৰক্ষী থানাত চৌধুৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১১০/২০২২ ধাৰাত গোচৰৰ সন্দৰ্ভত। চিকিৎসা পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়তে আব্দুল আহাদে আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল।

হাইলাকান্দিৰ সকলো আৰক্ষী থানাৰ লগতে অসমৰ সকলো থাকে এই সন্দৰ্ভত সতৰ্ক কৰি দিয়া হৈছিল।

যোৱা নিশা বিশেষ সূত্ৰৰ পৰা জানিব পৰা খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল।

অভিযুক্ত আব্দুল আহাদে হাইলাকান্দিৰ লখিনগৰৰ ফালৰ পৰা কৰিমগঞ্জত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰাৰ সময়তে নিশা ১:৩০ বজাত বাইকেৰে গৈ থকা আহাদক আৰক্ষীয়ে ৰখাবলৈ চেষ্টা কৰে।

আহাদে আৰক্ষীৰ ওপৰত গুলীচালনা কৰে। আৰক্ষীয়েও ওলোটাই গুলীচালনা কৰাত আহাদ আহত হয়।

আঘাতপ্ৰাপ্ত আব্দুল আহাদ চৌধুৰীক লগে লগে এছ কে ৰয় অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

মৃত আব্দুল আহাদৰ পৰা এটা ৯ এমএম পিষ্টল আৰু দুটা সজীৱ গুলী উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আব্দুল আহাদ চৌধুৰীৰ বিৰুদ্ধে ৬০ টাতকৈও অধিক অপৰাধমূলক গোচৰ আছে যিবোৰৰ তদন্ত আৰু বিচাৰ বিভিন্ন পৰ্যায়ত চলি আছিল।