NORTHEAST NOW (Assamese)

কয়লা মন্ত্ৰালয়ে ​​আৰম্ভ কৰিব বাণিজ্যিক কয়লা খনি নিলামৰ দ্বাদশ খণ্ড

March 26, 2025 8:46 pm · এন ই নাও নিউজ, গুৱাহাটী

দ্বাদশ খণ্ডৰ বাণিজ্যিক কয়লা খনি নিলাম আৰম্ভ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ।  অহা ২৭ মাৰ্চ, বৃহস্পতিবাৰে কয়লা মন্ত্ৰণালয়ে আৰম্ভ কৰিব এই নিলাম।

এই নিলাম দেশীয় কয়লা উৎপাদন বৃদ্ধি, আমদানি হ্ৰাস আৰু দেশৰ দীৰ্ঘম্যাদী শক্তি সুৰক্ষা নিশ্চিত কৰাৰ দিশত আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হ’ব পাৰে।

জানিব পৰা মতে, কয়লা আৰু খনি মন্ত্ৰী জি. কিষাণ ৰেড্ডী এই নিলাম অনুষ্ঠানত প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব। লগতে উপস্থিত থাকিব কেন্দ্ৰীয় ৰাষ্ট্ৰীয় মন্ত্ৰী সতীশ চন্দ্ৰ ডুবে।

এই নিলামৰ অধীনত মুঠ ২৫টা কয়লা খনি থাকিব। যত ৭টা খনি CMSP [কয়লা খনি (বিশেষ বিধান) আইন, ২০১৫] আৰু ১৮টা খনি MMDR [খনি আৰু খনিজ (বিকাশ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭]ৰ অধীনত আছে।

ইয়াৰ মাজত ২টা লিগনাইট খনি আছে। ইয়াৰ উপৰিও, ১৩টা কয়লা খনি সম্পূৰ্ণৰূপে অন্বেষিত, আৰু ১২টা আংশিকভাৱে অন্বেষিত।

এই নিলামৰ দ্বাৰা স্বচ্ছ আৰু বজাৰ-চালিত কয়লা অৰ্থনীতি গঢ়ি তোলাৰ বাবে চৰকাৰে বিনিয়োগকাৰী আৰু উদ্যোগী সকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। বাণিজ্যিক কয়লা খনি নিলামে ভাৰতৰ কয়লা সম্পদৰ বিশাল সম্ভাৱনাক মুকলি কৰি দিছে।

Related News