NORTHEAST NOW (Assamese)

কয়লা কেলেংকাৰীৰ গোচৰত তৃণমূল নেতা অভিষেক বেনাৰ্জীক পুনৰ চমন এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

August 30, 2022 9:35 pm · এন ই নাও নিউজ, গুৱাহাটী

কয়লা চোৰাং ব্যৱসায়ৰ গোচৰ সন্দৰ্ভত পশ্চিম বংগৰ মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীক পুনৰ চমন জাৰি কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে।

বেনাৰ্জীক ২ ছেপ্টেম্বৰত কেন্দ্ৰীয় সংস্থাটোৰ কলকাতাস্থিত কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পূৰ্বে অভিষেক বেনাৰ্জ যোৱা মাৰ্চতো ইডিৰ সন্মুখত হাজিৰ হৈছিল।

ইডিৰ মতে, গোচৰটোত নাম থকা দুটা কোম্পানী ক্ৰমে লিপছ এণ্ড বাউণ্ড প্ৰাইভেট লিমিটেড আৰু লিপছ এণ্ড বাউণ্ড মেনেজমেণ্ট চাৰ্ভিচেছ এলএলপি- অভিষেক বেনাৰ্জী আৰু তেওঁৰ পৰিয়ালৰ সৈতে সম্পৰ্কিত।

কোম্পানীকেইটাই কয়লা চোৰাং ব্যৱসায়ৰ গোচৰত এটা নিৰ্মাণ কোম্পানীৰ পৰা ৪.৩৭ কোটি টকাৰ সুৰক্ষা পুঁজি লাভ কৰিছিল বুলি অভিযোগ উঠিছিল।

অভিষেক বেনাৰ্জীৰ পিতৃ অমিত বেনাৰ্জী আৰু তেওঁৰ পত্নী ৰুজিৰা লিপছ এণ্ড বাউণ্ড প্ৰাইভেট লিমিটেডৰ সঞ্চালকসকলৰ ভিতৰত আছে।

দুয়োটা কোম্পানীয়ে স্থানীয় পৰ্যায়ৰ চিণ্ডিকেট সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰা ব্যৱসায়িক মালিকসকলৰ পৰা পুঁজি লাভ কৰি আছিল এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ বিষয়াসকলে জানিবলৈ দিছিল।

Related News