চিয়াচেনত ভাৰতৰ পতাকা উৰুওৱাত সহায় কৰা পৰ্বতাৰোহী গৰাকী আৰু নাই

Narendra-Kumar

চনতো আছিল ১৯৮৪। সেই চনটোতে চিয়াচেনৰ বুকুৰ পৰা পৰম সাহসেৰে পাকিস্তানৰ সেনাক খেদি পঠিয়াইছিল ভাৰতে।

পাক সেনাক চিয়াচেনৰ পৰা খেদি পঠিওৱাৰ ক্ষেত্ৰত ভাৰতীয় সেনাক সহায় কৰিছিল এজন বিশেষ ব্যক্তিয়ে।

নাম তেওঁৰ কৰ্ণেল নৰেন্দ্ৰ কুমাৰে। চিয়াচেনৰ বৰফে আৱৰা উচ্চ ভূমিত ভাৰতীয় সেনাই পাক সেনাৰ বিৰুদ্ধে অভিযান চলোৱা সহজ নহ’লহেতেঁন যদিহে পৰ্বতাৰোহী নৰেন্দ্ৰ কুমাৰে চিয়াচেনত পাক সেনাৰ গতি বিধিৰ খবৰ ভাৰতীয় সেনাক নিদিলেহেতেঁন।

নৰেন্দ্ৰ কুমাৰৰ তথ্যৰ ভিত্তিতে ভাৰতীয় সেনাই ১৯৮৪ চনত চিয়াচেনত পাক সেনাৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অপাৰেছন মেঘদূত।

সেনাৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি পাক সেনাই চিয়াচেন ত্যাগ কৰি সীমান্তৰ সিপাৰলৈ পলাই যাবলৈ বাধ্য হৈছিল।

ভাৰতীয় সেনাই পৰ্বতাৰোহী নৰেন্দ্ৰ সিঙৰ মেপ ব্যৱহাৰ কৰিয়েই চিয়াচেনত উপস্থিত হৈছিল।

নৰেন্দ্ৰ সিঙৰ তথ্য আৰু মেপৰ সহায় নোপোৱা হ’লে চিয়াচেন হয়তো পাকিস্তানৰ গ্ৰাসৰ পৰা ভাৰতে কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰিলেহেতেঁন।

সেই গৰাকী নৰেন্দ্ৰে সিং এতিয়া আৰু আমাৰ মাজত নাই।

৮৭ বছৰ বয়সত বাৰ্দ্ধক্যজনিত কাৰণত নৰেন্দ্ৰ সিঙে শেষ নিশ্বাস ত্যাগ কৰিছে।

নৰেন্দ্ৰ সিঙৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শকে প্ৰকাশ কৰিছে। এক শোক বাৰ্তাত মোদীয়ে কৈছে যে সিঙৰ অদম্য সাহসৰ বাবেই চিয়াচেন চীনৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা পৰিছিল।

সেই গৰাকী ব্যক্তিক হেৰুৱাই দেশবাসী আজি মৰ্মাহত বুলি মোদীয়ে তেওঁৰ বাৰ্তাত কৈছে।