• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2023 7:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মহাবিদ্যালয়সমূহত অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত ইটোৰ পিছত সিটো বেমেজালি সৃষ্টি হৈ অহাৰ সময়তে অন্য এক গুৰুতৰ দিশে হতাশ আৰু শংকিত কৰি তুলিছে যোগ্যতাসম্পন্ন বহু চাকৰি প্ৰত্যাশী উচ্চ শিক্ষাৰ্থীক। অসমৰ অনেক মহাবিদ্যালয়ত অধ্যাপক নিযুক্তিত স্বজন-তোষণৰ লগতে নিয়ম বৰ্হিভূতভাৱে নিযুক্তি চলি অহাৰ ফলতে বহু যোগ্য প্ৰাৰ্থীয়ে নিযুক্তিৰ পৰা বঞ্চিত হৈ অহাৰো গুৰুতৰ অভিযোগ উঠি আহিছে।

সেই অভিযোগৰ মাজতে এইবাৰ অন্য এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ যোগ্যতাসম্পন্ন অধ্যাপকৰ চাকৰি প্ৰত্যাশী প্ৰাৰ্থীয়ে। তেওঁলোকৰ অভিযোগ মতে ইতিমধ্যে মহাবিদ্যালয়সমূহত নতুনকৈ নিযুক্তিপ্ৰাপ্ত বহু অধ্যাপকে মহাবিদ্যালয়সমূহৰ অধ্যাপক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ হোৱাৰ খালী পদৰ বিপৰীতে পুনৰ নতুনকৈ আবেদন কৰিছে।

ইতিমধ্যে এগৰাকী নিযুক্তিপ্রাপ্ত অধ্যাপকে তিনি চাৰিমাহৰ মূৰে মূৰে ব্যক্তিগত সুবিধা বিচাৰি বাৰম্বাৰ খালী পদত আৱেদন কৰিব পৰা নিয়মে নতুন চাকৰি প্রত্যাশী শিক্ষাৰ্থীসকলক শংকিত কৰি তুলিছে। তেওঁলোকৰ অভিযোগ যে ইতিমধ্যে নিযুক্তিপ্ৰাপ্ত বহু নতুন অধ্যাপকে কৰ্মৰত মহাবিদ্যালয়ৰ শৈক্ষিক স্বাৰ্থক জলাঞ্জলি দি নিজৰ ব্যক্তিগত সূচলতা তথা ঘৰৰ ওচৰৰ মহাবিদ্যালয়ত ওলোৱা অধ্যাপকৰ খালী পদৰ বিপৰীতে আবেদন কৰিছে।

এইদৰে মাত্ৰ কেইটামান মাহ অথবা মাত্ৰ এটা বছৰৰ ভিতৰতে নিযুক্তিপ্ৰাপ্ত এইসকল অধ্যাপকে পুনৰ আবেদন কৰাৰ ফলত চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলে বঞ্চিত হোৱাৰ আশংকাৰ সৃষ্টি হোৱাই নহয়, সেই অধ্যাপকসকলে নতুন মহাবিদ্যালয়খনত নিযুক্তি লাভ কৰিলে ইতিমধ্যে অধ্যাপনা কৰা মহাবিদ্যালয়খন আৰু সংশ্লিষ্ট বিভাগসমূহ শৈক্ষিক দিশতো যথেষ্ট বিৰূপ প্ৰভাৱৰ লগতে শিক্ষাৰ্থীসকলে শৈক্ষিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

তেওঁলোকে ইতিমধ্যে অধ্যাপনা কৰি থকা পদটো ত্যাগ কৰাৰ পিছতে সংশ্লিষ্ট মহাবিদ্যালয়খনে পুনৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি অধ্যাপক নিযুক্তি দিবলৈ একাধিক বছৰৰ সময় লাগিব পাৰে বুলি অধ্যাপকৰ চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলে যুক্তি প্ৰদৰ্শন কৰিছে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ নতুনকৈ জাৰি কৰা এক জাননীৰ ফলতে এই সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ কৰিছে চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলে।

উল্লেখ্য, ২০২১ বৰ্ষত এই সমস্যাটো সমাধানৰ কল্পে উচ্চ শিক্ষা সঞ্চালকালয়ে এক জাননী প্ৰকাশ কৰি কৈছিল যে কোনো উচ্চ শিক্ষানুষ্ঠানৰ অধ্যাপকসহ অন্যান্য কৰ্মচাৰীয়ে নতুনকৈ নিযুক্তিপ্ৰাপ্ত উচ্চ শিক্ষানুষ্ঠানখনত অতি কমেও তিনি বছৰ কাল চাকৰি কৰাটো বাধ্যতামূলক হ’ব আৰু বাধ্যতামূলক কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পাছতেহে শিক্ষানুষ্ঠানৰ পৰা আপত্তিবিহীন পত্ৰ লাভ কৰি অন্য চাকৰিৰ বাবে আবেদন অথবা যোগদান কৰিব পাৰিব।

ইয়াৰ পাছতে ২০২২ চনৰ ১৪ জুন তাৰিখে উচ্চ সঞ্চালকায়ৰ কাৰ্যালয়ে অন্য এক জাননী যোগে কয় যে মহাবিদ্যালয়ৰ অধ্যাপক আৰু অন্যান্য কৰ্মচাৰীয়ে অন্য চাকৰিত আবেদন বা যোগদান কৰাৰ বেলিকা শিক্ষানুষ্ঠানৰ পৰা আপত্তিবিহীন প্ৰমাণ পত্ৰৰ লোৱাৰ কোনো প্ৰয়োজন নহ’ব। উক্ত জাননীত নতুনকৈ নিযুক্তিপ্ৰাপ্ত অধ্যাপকসকলৰ তিনিবছৰৰ বাধ্যতামূলক শিক্ষকতা সম্পৰ্কীয় নিৰ্দেশনা উঠাই দিয়া হৈছে বুলি কোৱা নাই আৰু অদ্যপি সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা এই নিয়ম উঠাই দিয়া হৈছে বুলি জাননী জাৰি কৰা হোৱা নাই।

কিন্তু ২০২২ চনৰ ১৪ জুন তাৰিখে আপত্তিবিহীন প্ৰমাণ পত্ৰ (NOC) সম্পৰ্কত প্রকাশ কৰা জাননীৰ ভিত্তিত মাত্ৰ তিনিমাহৰ আগেয়ে নিযুক্তিপ্রাপ্ত অধ্যাপকসকলেও নিজৰ ব্যক্তিগত সূচলতা বিচাৰি নতুনকৈ খালী হোৱা সম পৰ্যায়ৰ পদত পুনৰ আৱেদন কৰিছে। যিটোৱে এই গোটেই ব্যৱস্থাটোক সন্দেহৰ আৱৰ্তলৈ নিয়াৰ লগতে চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলক চিন্তাম্বিত কৰি তুলিছে।

যদিহে ইতিমধ্যে নিযু্ক্তিপ্ৰাপ্ত অধ্যাপকসকলে নতুনকৈ আবেদন কৰে তেতিয়া এইসকল অধ্যাপকে ইতিমধ্যে অৰ্জন কৰা অভিজ্ঞতাৰ ভিত্তিত সাক্ষাৎকাৰ সমিতিৰ পৰা এক মূল্যাংকও লাভ কৰিব যাৰ ফলত নতুন প্ৰাৰ্থীসকলে নিযুক্তিৰ পৰা বঞ্চিত হৈ পৰাটো প্ৰায় নিশ্চিত হৈ পৰিব। এইদৰে বছৰটোৰ ভিতৰতে এখন মহাবিদ্যালয়ৰ পৰা আন এখন মহাবিদ্যালয়লৈ চাকৰি সলনি কৰি থাকিব খোজা এই ঘটনাই নতুন প্রাৰ্থীসকলৰ লগতে মহাবিদ্যালয়খনৰ বিভাগসমূহতো সমস্যাৰ সৃষ্টি কৰিছে।

আনহাতে, নিযুক্তিপ্ৰাপ্ত এইসকল অধ্যাপকে পুনৰ নতুনকৈ আবেদন কৰি আছাম এইডেড কলেজেছ এমপ্লয়ীজ ৰোলছ, ১৯৬০ক উলংঘা কৰা বুলিও অভিযোগ কৰা হৈছে। এই আইনৰ মতে চৰকাৰী সাহায্যপ্ৰাপ্ত মহাবিদ্যালয়ৰ নিযুক্তিপ্ৰাপ্ত অধ্যাপক এগৰাকীয়ে প্ৰথম দুবছৰ নিৰীক্ষণকালীন অৰ্থাৎ প্ৰ’বেচনত শিক্ষকতা কৰিব লাগে।

উক্ত সময়সীমাৰ ভিতৰত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ সংশ্লিষ্ট কোনো অধ্যাপকৰ শিক্ষণত অসন্তুষ্ট হ’লে বা বিভিন্ন ধৰণৰ বিংসগতি, আসোঁৱাহ আদি ধৰা পৰিলে কৰ্তৃপক্ষই উক্ত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে অধ্যাপকগৰাকীৰ স্থায়ী নিযুক্তি স্থগিত ৰখাৰ লগতে চাকৰিৰ পৰা বৰ্খাস্তও কৰিব পাৰে।

অসমৰ দৰে এখন সমস্যাবহুল ৰাজ্যত এজন প্রাৰ্থীয়েই বাৰে বাৰে অতি কম দিনৰ ভিতৰতে একেটা পদতে পুনঃ পুনঃ নিযুক্তি লাভ কৰাৰ বাবে নতুন প্রাৰ্থীসকলৰ বাবে নিযুক্তিৰ সকলো দুৱাৰ বন্ধ হৈ পৰিছে। ইতিমধ্যে হৈ থকা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ বাচনি প্রক্ৰিয়াত পূৰ্বে নিযুক্তিপ্রাপ্ত অধ্যাপকসকলে পুনৰবাৰ নিযুক্তি লাভ কৰাত নতুন প্রাৰ্থীসকলৰ বাবে কোনো সম্ভাৱনা নোহোৱা হৈ গৈছে।

ইতিমধ্যে নিযুক্তি লাভ কৰা এই অধ্যাপকসকলৰ কাণ্ডত শংকিত হোৱা একাংশ যোগ্যতাসম্পন্ন শিক্ষাৰ্থীয়ে বিষয়টোত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

September 8, 2025 11:46 am
পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

September 8, 2025 10:32 am
মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

September 8, 2025 9:52 am
সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

September 8, 2025 8:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

September 8, 2025 11:46 am
পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

September 8, 2025 10:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd