১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দাম পুনৰ কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে।
সেইমৰ্মে বাণিজ্যিক ক্ষেত্ৰত ব্যৱহৃত প্ৰতিটো ৰন্ধনগেছৰ ছিলিণ্ডাৰৰ দাম ২৬৬ টকাকৈ বৃদ্ধি কৰা হৈছে।
অৱশ্যে পৰিয়ালসমূহক সকাহ দি চৰকাৰে এইবাৰ ঘৰুৱা ব্যৱহৃত ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা নাই।
বাণিজ্যিক ছিলিণ্ডাৰৰ দাম বৃদ্ধিৰ ফলত এতিয়াৰে পৰা দিল্লীত ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ছিলিণ্ডাৰ একোটাৰ দাম ২০০০.৫০ টকা হৈছে।
পূৰ্বে দিল্লীত এই দাম আছিল ১৭৩৪ টকা। নতুন দাম প্ৰযোজ্য হোৱাৰ পিছত মুম্বাইথ একোটা বাণিজ্যিক ক্ষেত্ৰত ব্যৱহৃত ৰন্ধন গেছৰ দাম ১৯৫০ টকা হৈছে। কলকাতাত এই দাম ২০৭৩ টকা,চেন্নাইত ২১৩৩ টকা ,গুৱাহাটীত ২১২১ টকা হৈছে।
উল্লেখ্য মোদীৰ চৰকাৰে ধাৰাবাহিক ভাবে ৰন্ধন গেছৰ ছিলিণ্ডাৰ দাম বৃদ্ধি কৰি গৈছে। ঘৰুৱা ভাবে ব্যৱহৃত ছিলিণ্ডাৰৰ দামো এতিয়া ৯০০ টকাৰ ওপৰত হৈছে।
কেন্দ্ৰীয় চৰকাৰে আনকি ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দামো যোৱা মাহত ১৫ টকাকৈ বৃদ্ধি কৰিছিল। ১ অক্টোৱৰৰ দিনা চৰকাৰে ৰাজ সাহায্যযুক্ত আৰু ৰাজ সাহায্য বৰ্হিভূত উভয় প্ৰকাৰৰ ছিলিণ্ডাৰৰে মূল্য ২৫ টকাকৈ বৃদ্ধি কৰিছিল।
তেল সংস্থাসমূহে প্ৰতি মাহৰ ১ তাৰিখে ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দাম সংশোধন কৰে।
ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছিল যদিও এপ্ৰিল মাহত অপৰিৱৰ্তিত আছিল চিলিণ্ডাৰৰ দাম।
এপ্ৰিলত চিলিণ্ডাৰৰ দাম ১০টকা হ্ৰাস কৰা হৈছিল যদিও জুলাইত পুনৰ বৃদ্ধি কৰা হৈছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।
চলিত বছৰৰ জানুৱাৰী মাহত দিল্লীত ১৪.২ কেজিৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম আছিল ৬৯৪টকা। ১ফেব্ৰুৱাৰীত ৭১৯টকালৈ বৃদ্ধি পাইছিল।
ইয়াৰ পাছতে ১৫ ফেব্ৰুৱাৰীত ৭৬৯টকালৈ বৃদ্ধি পায় ১৪.২ কেজিৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম।
তাৰ দহদিন পাছতে চিলিণ্ডাৰৰ দাম বৃদ্ধি পাই ২৫ ফেব্ৰুৱাৰীতে দাম হয়গৈ ৭৯৪টকা।
সেইদৰে মাৰ্চত দিল্লীত ৮১৯টকালৈ বৃদ্ধি পায় ঘৰুৱা চিলিণ্ডাৰৰ দাম।