• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

LPG price rise: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দাম, কেনে ছিলিণ্ডাৰত কিমান বাঢ়িল দাম?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 1, 2021 4:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দাম পুনৰ কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে।

সেইমৰ্মে বাণিজ্যিক ক্ষেত্ৰত ব্যৱহৃত প্ৰতিটো ৰন্ধনগেছৰ ছিলিণ্ডাৰৰ দাম ২৬৬ টকাকৈ বৃদ্ধি কৰা হৈছে।

অৱশ্যে পৰিয়ালসমূহক সকাহ দি চৰকাৰে এইবাৰ ঘৰুৱা ব্যৱহৃত ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা নাই।

বাণিজ্যিক ছিলিণ্ডাৰৰ দাম বৃদ্ধিৰ ফলত এতিয়াৰে পৰা দিল্লীত ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ছিলিণ্ডাৰ একোটাৰ দাম ২০০০.৫০ টকা হৈছে।

Apply Now

পূৰ্বে দিল্লীত এই দাম আছিল ১৭৩৪ টকা। নতুন দাম প্ৰযোজ্য হোৱাৰ পিছত মুম্বাইথ একোটা বাণিজ্যিক ক্ষেত্ৰত ব্যৱহৃত ৰন্ধন গেছৰ দাম ১৯৫০ টকা হৈছে। কলকাতাত এই দাম ২০৭৩ টকা,চেন্নাইত ২১৩৩ টকা ,গুৱাহাটীত ২১২১ টকা হৈছে।

উল্লেখ্য মোদীৰ চৰকাৰে ধাৰাবাহিক ভাবে ৰন্ধন গেছৰ ছিলিণ্ডাৰ দাম বৃদ্ধি কৰি গৈছে। ঘৰুৱা ভাবে ব্যৱহৃত ছিলিণ্ডাৰৰ দামো এতিয়া ৯০০ টকাৰ ওপৰত হৈছে।

কেন্দ্ৰীয় চৰকাৰে আনকি ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দামো যোৱা মাহত ১৫ টকাকৈ বৃদ্ধি কৰিছিল। ১ অক্টোৱৰৰ দিনা চৰকাৰে ৰাজ সাহায্যযুক্ত আৰু ৰাজ সাহায্য বৰ্হিভূত উভয় প্ৰকাৰৰ ছিলিণ্ডাৰৰে মূল্য ২৫ টকাকৈ বৃদ্ধি কৰিছিল।

তেল সংস্থাসমূহে প্ৰতি মাহৰ ১ তাৰিখে ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দাম সংশোধন কৰে।

ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছিল যদিও এপ্ৰিল মাহত অপৰিৱৰ্তিত আছিল চিলিণ্ডাৰৰ দাম।
এপ্ৰিলত চিলিণ্ডাৰৰ দাম ১০টকা হ্ৰাস কৰা হৈছিল যদিও জুলাইত পুনৰ বৃদ্ধি কৰা হৈছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।

চলিত বছৰৰ জানুৱাৰী মাহত দিল্লীত ১৪.২ কেজিৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম আছিল ৬৯৪টকা। ১ফেব্ৰুৱাৰীত ৭১৯টকালৈ বৃদ্ধি পাইছিল।

ইয়াৰ পাছতে ১৫ ফেব্ৰুৱাৰীত ৭৬৯টকালৈ বৃদ্ধি পায় ১৪.২ কেজিৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম।

তাৰ দহদিন পাছতে চিলিণ্ডাৰৰ দাম বৃদ্ধি পাই ২৫ ফেব্ৰুৱাৰীতে দাম হয়গৈ ৭৯৪টকা।

সেইদৰে মাৰ্চত দিল্লীত ৮১৯টকালৈ বৃদ্ধি পায় ঘৰুৱা চিলিণ্ডাৰৰ দাম।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd