নৰেন্দ্ৰ মোদী,ৰাহুল গান্ধীৰ ভাষণত নিৰ্বাচনী বিধিভংগৰ অভিযোগৰ উত্তৰ বিচাৰিলে নিৰ্বাচন আয়োগে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী ভাষণত নিয়ম উলংঘা কৰাৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগে বিজেপি আৰু কংগ্ৰেছৰ পৰা জবাব বিচাৰিছে।

বৃহস্পতিবাৰে আয়োগে বিজেপি আৰু কংগ্ৰেছৰ সভাপতি ক্ৰমে জে পি নাড্ডা আৰু মল্লিকাৰ্জুন খৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰে। সোমবাৰে পুৱা ১১ বজাৰ ভিতৰত দলৰ বিবৃতি লিখিতভাৱে আয়োগক দাখিল কৰিবলৈ কোৱা হৈছে। সূত্ৰ অনুসৰি আয়োগে দুয়োগৰাকী নেতাক সোঁৱৰাই দিছে যে নিৰ্বাচনৰ নিয়ম পালনৰ ক্ষেত্ৰত প্ৰথম শাৰীৰ নেতাসকল অধিক দায়বদ্ধ হ’ব লাগে।

প্ৰসংগক্ৰমে কংগ্ৰেছে আয়োগৰ সন্মুখত মোদী আৰু বিজেপিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। দুয়োটা দলৰ শীৰ্ষ নেতা দুগৰাকীৰ বিৰুদ্ধে নিয়ম উলংঘা কৰাৰ অভিযোগত আয়োগ কঁপাই তোলাত বিষয়টোৱে নতুন মাত্ৰা লাভ কৰিছে।

যোৱা দেওবাৰে ৰাজস্থানত প্ৰধানমন্ত্ৰীৰ ভাষণক লৈ কংগ্ৰেছে অভিযোগ দাখিল কৰিছে। ৰাজস্থানত অনুষ্ঠিত প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ ক্ষমতালৈ আহিলে সংখ্যালঘু বিশেষকৈ মুছলমানৰ মাজত দেশৰ সম্পদ বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ ইস্তাহাৰত এই কথা কোৱা হৈছে। ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ ক্ষমতালৈ আহিলে সংখ্যাগৰিষ্ঠতা বিপন্ন হ’ব।

চি পি আই এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়েও ভাষণত নিয়ম উলংঘা কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। ইয়াৰ উপৰিও চিপিআই আৰু চিপিআই (এমএল)য়েও অভিযোগ দাখিল কৰে।কংগ্ৰেছৰ মতে, দলৰ ইস্তাহাৰত তেনে কোনো কথা নাই। কংগ্ৰেছক লৈ মানুহক বিপথে পৰিচালিত কৰিছে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ ৰাজস্থানৰ ভাষণ সন্দৰ্ভত সোমবাৰে আয়োগক এজাহাৰ দাখিল কৰে কংগ্ৰেছ নেতা অভিষেক মনু সিংভীয়ে।

আনহাতে, তামিলনাডুত ৰাহুলৰ ভাষণক লৈ বিজেপিয়ে ৰাহুলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। গেৰুৱা শিবিৰৰ অভিযোগ যে ৰাহুলে তেওঁৰ ভাষণত উত্তৰ আৰু দক্ষিণ ভাৰতৰ মাজত বিভাজনৰ সৃষ্টি কৰিছিল।