অবিভক্ত গোৱালপাৰা জিলাৰ কথিত ভাষাক মান্যতা প্ৰদানৰ সিদ্ধান্ত ,কোচ ৰাজবংশী ভাষা গৱেষণা আৰু উন্নয়ন সমিতি গঠন

কোচ-ৰাজবংশী ভাষা আহ্বায়ক সমিতিৰ এখন সাধাৰণ সভা বঙাইগাঁৱত অনুষ্ঠিত হয় ৷ উল্লেখ্য যে যোৱা ২৭ আৰু ২৮ আগষ্টত বঙাইগাওঁ জিলা পুথিভঁৰালত কোচ-ৰাজবংশী ভাষা আহ্বায়ক সমিতিৰ উদ্যোগত “পশ্চিম অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মান্যভাষা আৰু গ্রহণযোগ্যতা” শীর্ষক মূল বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা এক আলোচনা চক্ৰত ২০ খন গৱেষণা পত্ৰ পাঠ কৰা হৈছিল আৰু ইয়াৰে ওপৰত বহল ভিত্তিত আলোচনাৰ অন্তত বিজ্ঞানসন্মত আৰু সৰ্বসন্মতভাৱে কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ৷

এই প্ৰস্তাৱ সমূহ কাৰ্যকৰী কৰাৰ কাৰণে আহ্বায়ক সমিতিৰ এখন সাধাৰণ সভা বঙাইগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৷ মাণিক দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত ২৮ আগষ্টত লোৱা প্ৰস্তাৱ সমূহ পৰ্যালোচনা কৰি মান্যতা প্ৰদান কৰা হয় ৷ সভাত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি কোচ ৰাজবংশীসকলৰ ভাষাটো “কোচ ৰাজবংশী ভাষা” নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়। সেইদৰে কোচ ৰাজবংশী সকলৰ মান্যভাষা নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত কোনো বাদ-বিবাদ নোহোৱাকৈ অবিভক্ত গোৱালপাৰা জিলাৰ কথিত ভাষাটোক লোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হয়।

এই ক্ষেত্ৰত স্থান হ’ব অবিভক্ত গোৱালপাৰা ৷ কোচ ৰাজবংশী ভাষাৰ মানৰূপ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত ব্যাকৰণ, অভিধান, বিভিন্ন পুথি পাজি লেখাৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হয়। বঙাইগাওঁ, চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা আৰু ধুধুৰী জিলাৰ বহলপুৰৰ পৰা শালকোচা লৈকে ধৰিলে জনসংখ্যাৰ ফালৰ পৰা গৌৰীপুৰৰ কোচ ৰাজবংশী ভাষী লোকৰ জনসংখ্যা বাকী অঞ্চলৰ জনসংখ্যাৰ তুলনাত তেনেই নগণ্য। গৌৰীপুৰৰ জনসংখ্যা ২০ শতাংশ হ’লে বাকী অঞ্চলৰ জনসংখ্যা প্ৰায় ৮০ শতাংশ হ’ব। গতিকে কেৱল গৌৰীপুৰ অঞ্চলৰ ভাষাটোকে কোচ ৰাজবংশী সাহিত্য সভাই মান্যতা দিয়াটো কেতিয়াওঁ নীতিগত আৰু যুক্তিযুক্ত নহয় বুলি সভাত সিদ্ধান্ত লোৱা হয় ৷ সেইদৰে প্ৰতিমা পাণ্ডে বৰুৱাৰ গীতবিলাক গোৱালপাৰীয়া বুলিহে জনাজাত। গোৱালপাৰাৰ অৰ্থ হ’ল পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলা । গতিকে কোচ ৰাজবংশী ভাষাৰ মান্যৰূপ দিয়াৰ ক্ষেত্ৰত ভৌগোলিক পৰিসৰ পশ্চিম অসম অর্থাৎ অবিভক্ত গোৱালপাৰা জিলা হ’ব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰে ৷ আনহাতে কোচ ৰাজবংশী মান্য ভাষাৰ লিপিটো অসমীয়া ভাষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা লিপিটোকে লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷কোচ ৰাজবংশী ভাষা আহ্বায়ক সমিতিৰ আহ্বায়ক হৰমোহন মেধিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সমিতিৰ সভাপতি দীপ নাৰায়ণ ৰায়, জেষ্ঠ বিশিষ্ট ব্যক্তি প্ৰভাত বৈষ্ণৱ, পবিত্ৰ কুমাৰ ৰায়, বাণীকান্ত ৰায়, বিকাশ ৰায়, জ্যোৎস্না প্ৰিয়া ৰায়, বিশ্বজিৎ ৰায় আদি উপস্থিত থাকি বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়।

বহু আলোচনা-বিলোচনাৰ অন্তত পিচত সাধাৰণ সভাই পূৰ্বে গঠন কৰা কোচ-ৰাজবংশী ভাষা আহ্বায়ক সমিতি খন ভংগ কৰি দিয়ে ৷ ইয়াৰ পিচতে প্ৰভাত বৈষ্ণৱৰ সভাপতিত্বত অনুষ্ঠিত সভাত ‘কোচ-ৰাজবংশী ভাষা গৱেষণা আৰু উন্নয়ন সমিতি’ নামেৰে এখন নতুন কাৰ্যকৰী সমিতি গঠন কৰা হয় ৷ সেই অনুসৰি হৰমোহন মেধিক সভাপতি , পবিত্ৰ কুমাৰ ৰায় , নৃপেন ৰায় , ধীৰাজ ৰায় আৰু বানীকান্ত ৰায়ক উপ সভাপতি, উৎপল সিংহক সাধাৰণ সম্পাদক , বিকাশ ৰায়, হীৰকজ্যোতি প্ৰধানী আৰু শৰৎ চন্দ্ৰ ৰায়ক সহকাৰী সম্পাদক হিচাপে লৈ এই নতুন সমিতিখন গঠন কৰা হয় ৷ সমিতি খনৰ উপদেষ্টা হিচাপে মনোনীত কৰা হয় প্ৰভাত বৈষ্ণৱ , মানিক চন্দ্ৰ দত্ত আৰু সহদেৱ সৰকাৰক ৷ নতুন সমিতি খনে বঙাইগাঁও প্ৰেছ ক্লাবত এক সংবাদ মেল আয়োজন কৰি এই কথা অৱগত কৰে ৷

উল্লেখ্য যে কোচ ৰাজবংশী সাহিত্য সভাই গৌৰীপুৰ অঞ্চলৰ কথিত ভাষাটিক কোচ ৰাজবংশী মান্যভাষা হিচাপে স্বীকৃতি দিয়া কথাটোক লৈ বিশেষকৈ বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা আদি জিলাৰ কোচ ৰাজবংশী ভাষা-সাহিত্য চৰ্চা কৰা, কোচৰাজবংশী ভাষা প্ৰেমী, জাতি প্ৰেমী সকল ঐক্যবদ্ধ হৈ কোচ ৰাজবংশী সাহিত্য সভাৰ এনে হঠকাৰী সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি কেন্দ্ৰীয় সমিতিক পুণৰ বিবেচনাৰ বাবে আহ্বান জনাইছিল যদিও কোচ ৰাজবংশী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিয়ে কোনো গুৰুত্ব আৰোপ নকৰাত অৱশেষত কোচ ৰাজবংশী সাহিত্য সভাক প্ৰত্যাহ্বান জনাই এই কোচ ৰাজবংশী ভাষা গৱেষণা আৰু উন্নয়ন সমিতি গঠন হ’ল ৷