তবলিগী জামাতৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক : আব্দুল খালেক

05-09-17-Guwahati-Assembly-Abdul-Khalek-750x375

বৰপেটাৰ সাংসদ আব্দুল খালেক। ফাইল ফটো

মহামাৰী ক’ৰনা ভাইৰাছৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্রকাশ কৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেকে। অসমত ১৬জনকৈ ক’ৰনা ভাইৰাছত আক্রান্ত হোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিছে সাংসদ গৰাকীয়ে।

সাম্প্ৰদায়িকতা ক’ৰনাত কৈ বেছি ভয়ানক বুলি উল্লেখ কৰি খালেকে কয়, “অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰনা প্ৰতিৰোধৰ বাবে যি ব্যৱস্থা লৈছে তাক শলাগী আহিছোঁ। কিন্তু একে সময়তে তেওঁ যিদৰে ক’ৰনা ৰোগীৰ নাম যোৱা কেইদিন ধৰি প্ৰকাশ কৰি আহিছে সেইয়া ৰাজ্য সামাজিক স্বাস্থ্যৰ বাবে মংগলজনক নহয়”।

দেশত যিসকলৰ বৰ্তমান সময়লৈকে মৃত্যু হৈছে তেওঁলোকৰ নাম ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ কৰা হোৱা নাই।গতিকে অসমৰ সংবাদ মাধ্যমত ক’ৰনা আক্রান্ত সকলৰ নাম প্ৰকাশ কৰাটো কিমান দূৰ গ্ৰহনযোগ্য। সেই কথা স্বাস্থ্য মন্ত্ৰীক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় সাংসদ খালেকে।

তেওঁ লগতে কয় ক’ৰনাই সমগ্ৰ মানৱ জাতি আৰু দেশলৈ দুৰ্যোগ কঢ়িয়াই আনিছে।দেশত অৰ্ধশতাধিকতকৈ অধিক ব্যক্তি মৃত্যু হৈছে।য’ত হিন্দু, মুছলমান, শিখ সকলোধৰণৰ ব্যক্তি আছে। কিন্তু অসমৰ লগতে দেশত একাংশই নিজামুদ্দিন মাৰকাজৰ তবলিগী জামাতৰ ঘটনাক কেন্দ্ৰ কৰি গোটেই ঘটনাটোক এক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক ৷

তবলিগী জামাতে নিজামুদ্দিন মাৰকাজত যি কাম কৰিছে অজ্ঞাতবসত বা অন্য কাৰণতে হওঁক সেইয়া সমৰ্থন যোগ্য নহয় বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে কয়, “একে সময়তে নিজামুদ্দিন মাৰকাজৰ পৰা মাত্ৰ দুশ মিটাৰ দূৰত্বত থকা নিজামুদ্দিন আৰক্ষী চকী তথা দিল্লী আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাটো গৰিহণা যোগ্য”।

সমগ্ৰ ঘটনাৰ কাণ্ডত দিল্লীৰ ৰাজ্য চৰকাৰৰ ভূমিকা সন্তোষ জনক নহয় বুলি তাৎপৰ্য্য পূৰ্ণ মন্তব্য প্ৰকাশ কৰি খালেকে কয়, “যিসকল এতিয়ালৈকে নিখোজ হৈ আছে তেওঁলোকলৈ অনুৰোধ নিজৰ লগতে পৰিয়ালৰ তথা সমাজ আৰু দেশবাসীৰ সুৰক্ষাৰ বাবে যিমান সোনকালে পাৰি ওচৰৰ চিকিৎসা কেন্দ্ৰত যোগাযোগ কৰিব লাগে”।

“বেমাৰৰ কোনো ধৰ্ম-বৰ্ণ নাথাকে।মহামাৰী ধৰ্মনিৰপেক্ষ।এই  বেমাৰক কেন্দ্ৰ কৰি ৰাজনীতি যাতে কোনেও নকৰে”-সকলোকে আহ্বান জনাই খালেকে কয়।

‘’প্ৰধানমন্ত্ৰীৰ আহ্বানত লকডাউন সকলোৱে মানিছোঁ।কৰবাত ত্ৰুটি-বিচ্যুতি হৈছে সেয়া বেলেগ কথা।লক ডাউন সু-পৰিকল্পিত ভাৱে কৰা হোৱা নাছিল।যাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত শ্ৰমিক আৰু শ্ৰমজীৱী লোক সকল আবদ্ধ হৈ আছে।খাদ্য সংকট হৈছে,’’-খালেকে কয়।

‘’অসম তথা বৰপেটা লোকসভাৰ সমষ্টিৰো বহু লোক বিভিন্ন ৰাজ্যত খাদ্য সংকটত ভুগি আছে। একেদৰে ৰাজ্যতো বিভিন্ন জিলাত বহু লোক আৱদ্ধ হৈ আছে। তেওঁলোকক সহায় কৰিবলৈ কিছু সক্ষম হৈছোঁ যদিও কিছু পৰিমানে ব্যৰ্থ হৈছোঁ। এই লোকসকল যিয়ে যেনেকৈ পাৰে সহায় কৰিব লাগে,’’- সাংসদ গৰাকীয়ে সকলোলৈ এইদৰে মুকলি আহ্বান জনায়।