টুইটাৰক কেন্দ্ৰৰ কঠোৰ সকীয়নি : নিৰ্দেশ নেমানিলে গ্ৰেপ্তাৰ কৰা হ’ব শীৰ্ষ বিষয়াক!

index.jpgt

টুইটাৰক কঠোৰ সকীয়নি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে প্ৰথমাৱস্থাত কৃষক আন্দোলন সংক্ৰান্তত য়ুজাৰে টুইটাৰ যোগেদি ভুৱা তথ্য বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰই ২৫৭ টা একাউন্ট বন্ধ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে টুইটাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত শীতল বিবাদ আৰম্ভ হয়।

কিন্তু টুইটাৰ কৰ্তৃপক্ষই ব্যক্তিৰ বাক স্বাধীনতা হস্তক্ষেপ কৰিবলৈ অনিচ্ছুক বুলি যুক্তি দি কেন্দ্ৰৰ সেই নিৰ্দেশ পালন কৰিবলৈ অস্বীকাৰ কৰিছিল।

ইফালে কেন্দ্ৰ চৰকাৰো নাচোৰবান্দা। বুধবাৰে কেন্দ্ৰই স্পষ্ট কৰি দিছে এই ক্ষেত্ৰত কোনো কাৰণতে বুজাবুজি সম্ভৱ নহয়।

বুধবাৰে কেন্দ্ৰীয় তথ্যপ্ৰযুক্তি মন্ত্ৰণালয়ৰ সৈতে টুইটাৰ ইণ্ডিয়াৰ এক বৈঠকো অনুষ্ঠিত হয়।

ইফালে ৰাষ্ট্ৰীয় এক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে টুইটাৰে কেন্দ্ৰৰ এই নিৰ্দেশ অমান্য কৰিলে মাইক্ৰব্ল’গ চাইটোৰ শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ পৰ্যন্ত কৰা হ’ব পাৰে!

উল্লেখ্য যে ফেব্ৰুৱাৰিৰ আৰম্ভণিতে কেন্দ্ৰই মুঠ ১ হাজাৰ ১৭৮ টা টুইটাৰ একাউন্ট বন্ধ কৰিবলৈ টুইটাৰক নিৰ্দেশ দিছিল। কেন্দ্ৰৰ মতে খালিস্তান আৰু পাকিস্তান সমৰ্থনপুষ্ট এই একাউন্টসমূহে কৃষক আন্দোলন সম্পৰ্কে ভুৱা তথ্য বিয়পাই আহিছে।

ইতিমধ্যে টুইটাৰৰ নিয়ম ভংগ কৰাৰ বাবে ৫০০ টা একাউণ্ট ভাৰতত বন্ধ কৰা হৈছে বুলি বুধবাৰে পুৱাই টুইটাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছিল।

ইয়াৰ মাজৰে কিছুমান একাউণ্ট সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব বুলিও জনাইছে টুইটাৰে। অৱশ্যে ভাৰতত নিষিদ্ধ হ’লেও বিদেশত এই একাউণ্টসমূহ উপলব্ধ হ’ব বুলিও প্ৰকাশ কৰিছে টুইটাৰে।

ইফালে কোনো সাংবাদিক আৰু আন্দোলনকাৰীৰ টুইটাৰ একাউন্ট বন্ধ নকৰে বুলিও টুইটাৰে স্পষ্ট কৰি দিছে।