বিশ্বনাথত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে মাটি হেৰুওৱা লোকে ছবছৰে পোৱা নাই ক্ষতিপূৰণ; কাম বন্ধ কৰি দিয়াৰ হুমকি

IMG-20180909-WA0074

চাৰিলেনযুক্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে মাটি-ভেটি হেৰুওৱা লোকসকলে এই পৰ্যন্ত ক্ষতিপূৰণ নোপোৱাত ক্ষতিগ্ৰস্ত লোকসকলে দেওবাৰে বিশ্বনাথৰ বীণাপানী নাট্য মন্দিৰত একত্ৰিত হৈ অহা ১২ অক্টোবৰৰ ভিতৰত ক্ষতিপূৰণ আদায় দিবলৈ চৰকাৰক দাবী জনায়।

যদিহে ১২ অক্টোবৰৰ ভিতৰত চৰকাৰে ক্ষতিপূৰণ প্ৰদান নকৰে তেন্তে ইয়াৰ পিছৰ পৰাই ক্ষতিগ্ৰস্ত লোকসকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেন সম্প্ৰসাৰণৰ কাম-কাজ বন্ধ ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে ২০১২ চনতে অবিভক্ত শোণিতপুৰ জিলাৰ দোলাবাৰীৰ পৰা গহপুৰ ৰাজগড় পৰ্যন্ত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে ভূমি অধিগ্ৰহণ কৰে যদিও ক্ষতিগ্ৰস্ত লোকসকলক আজি পৰ্যন্ত প্ৰাপ্য আইনী ক্ষতিপূৰণ প্ৰদান কৰা নাই।

ক্ষতিগ্ৰস্ত লোকসকলৰ ওজৰ-আপত্তি লেখ মানো গুৰুত্ব প্ৰদান নকৰি চৰকাৰে পথ নিৰ্মানৰ কাম কৰাতহে ব্যস্ত  থকাৰ অভিযোগ কৰে ক্ষতিগ্ৰস্ত সুৰক্ষা ঐক্যমঞ্চই।

সমিতিৰ সভাপতি লক্ষ্যজিৎ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জামুগুৰিৰ পৰা গহপুৰৰ লৈ প্ৰায় ৫শতাধিক ক্ষতিগ্ৰস্তলোক উপস্থিত থাকি ক্ষতিগ্ৰস্তক চৰকাৰে কৰি অহা বঞ্চনা আৰু বৈষম্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে।

ইতিমধ্যে অসম চৰকাৰৰ মধ্যস্থতাৰে তদানীন্তন উত্তৰ অসম আয়ুক্তই প্ৰদান কৰা ক্ষতিপূৰণ সৰ্ম্পকীয় নিৰ্দেশনা আজি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই প্ৰদান নকৰা বিষয় সৰ্ম্পকে সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰি অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰো আহ্বান  জনায়।

সভাত ক্ষতিগ্ৰস্ত সকলৰ প্ৰাথমিক কাম কাজ সমূহ বিভাগীয়ভাৱে প্ৰস্তুত কৰাত পলম হোৱাৰ বাবে চলিত মাহৰ ১২তাৰিখৰ পৰা ক্ষতিগ্ৰস্ত সকলে “চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ বলক” নামেৰে এক কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে।

সভাত ক্ষতিগ্ৰস্ত সুৰক্ষা ঐক্যমঞ্চৰ উপ-সভাপতি কমলজিৎ দত্ত, মুখ্য আহ্বায়ক অনন্ত হাজৰিকা, কাৰ্যকৰি সম্পাদক বাহাদুৰ কায়স্থ, কাৰ্যকৰি সদস্য অকন শইকীয়া, বিবেক লাহন, নৰেন মুদৈ, লক্ষ্য গগৈ, ৰাজেশ বৰা উপস্থিত থাকি ভাষণ প্ৰদান কৰে। ১২ অক্টোবৰৰ ভিতৰত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মতে ক্ষতিপূৰণ প্ৰদান নকৰিলে ক্ষতিগ্ৰস্তসকলৰ মাটিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম  বন্ধ ৰাখিবলৈ ক্ষতিগ্ৰস্ত সকলক আহ্বান জনায়।