• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ ক্ষেত্ৰত প্ৰয়োজনত পুনৰ বিবেচনাৰ বাবে সাজু কনৰাড চাংমা

অনির্বান পাঠক by অনির্বান পাঠক
March 6, 2019 10:30 pm
Conrad-K-Sangma-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূবৰ ৰাইজৰ পক্ষত থাকি বলিষ্ঠ পদক্ষেপ লৈছিল মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই। যাৰ বাবে উত্তৰ-পূবৰ ৰাইজৰ আস্থাভাজন হৈ পৰিছিল মুখ্য মন্ত্ৰী চাংমা।

কিন্তু উত্তৰ-পূবৰ ৰাইজ তথা দল সংগঠনে তীব্ৰ বিৰোধিতা কৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে শক্তিশালী স্থিতি লোৱা চাংমাৰ মুখত হঠাৎ বিধেয়কখনৰ পুনৰ বিবেচনাৰ প্ৰসংগ উচ্ছাৰিত হৈছে।

বুধবাৰে গুৱাহাটীত নেশ্যনেল পিপ’লচ পাৰ্টিৰ অসম ৰাজ্যিক শাখাৰ আনুষ্ঠানিক শুভাৰম্ভণীৰ পাছত অনুষ্ঠিত এখন সংবাদমেলত চাংমাই বিধেয়কখনৰ প্ৰয়োজনত পুনৰ বিবেচনাৰ প্ৰসংগ উত্থাপন কৰিছে।

শেহতীয়াভাৱে যিধৰণে বিধেয়কখন সাজু কৰা হৈছিল সেইধৰণে ইয়াক গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰি তেওঁ কয়, ‘যদি আগলৈ ইয়াৰ বাবে পুনৰ পৰামৰ্শ লোৱা হয় আৰু আমাৰ সকলোৰে লগত আলোচনা কৰে, তেতিয়া আমি বিষয়টো বিবেচনা কৰি চাম’।

উল্লেখযোগ্য যে, উত্তৰ-পূবৰ ৰাইজ তথা বিভিন্ন দল-সংগঠনে বিধেয়কখনক উত্তৰ-পূব বিৰোধী আখ্যা দিয়াৰ লগতে ই ভাৰতীয় সংবিধান বিৰোধী বুলিও দাবী কৰি আহিছে। কিন্তু কনৰাড চাংমাই আজি কোৱাৰ দৰে কেনে পৰিস্থিতিত বিধেয়কখনৰ পুনৰ বিবেচনাৰ বাবে তেওঁ ৰাজি হ’ব সেয়াহে চিন্তনীয়।

তেওঁ লগতে কয়, ‘মই অকলেই বিধেয়কখনৰ পৰা কোনো এটা দফা উঠাই দিব লাগে বুলি কৈ দিব নোৱাৰো। কাৰণ ইয়াত সমগ্ৰ উত্তৰ-পূৱৰ বিষয় জড়িত আছে। গতিকে সমগ্ৰ উত্তৰ-পূবৰ বিধেয়ক বিৰোধী ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনসমূহে একেলগে আলোচনা কৰিহে সিদ্ধান্ত ল’ব লাগিব’।

অৱশ্যে বিধেয়কখনৰ জৰিয়তে উত্তৰ-পূৱ ‘টাৰগেট’ হ’ব নোৱাৰিব বুলিও তেওঁ সংবাদমেলখনত স্পষ্ট কৰি দিয়ে।

বিধেয়ক বিৰোধী আন্দোলনত চাংমাই লোৱা পদক্ষেপৰ বাবে উত্তৰ-পূব ছাত্ৰ সংগঠন, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন আৰু সাধাৰণ ৰাইজে তেওঁৰ শলাগ লৈছিল। কনৰাড চাংমাই নিজেও উত্তৰ-পূবৰ ৰাজনৈতিক দলসমূহক একত্ৰিত কৰিছিল। এতিয়া বিধেয়কখন সন্দৰ্ভত তেওঁৰ পৰৱৰ্তী স্থিতি কি হয় সেয়া নিশ্চয়কৈ লক্ষনীয় হ’ব।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd