কাজিৰঙাৰ ইংলে পথাৰৰ সাধাৰণ ৰাইজৰ কৃষিভূমি জোৰজৱৰদস্তিকৈ অধিগ্ৰহণ কৰি তাত এখন পঞ্চ তাৰকা হোটেল নিৰ্মাণৰ বাবে অসম চৰকাৰৰ পৰ্যটন নিগমে প্ৰস্তুতি চলাইছে।
অঞ্চলটোৰ ক্ষতিগ্ৰস্ত কৃষক সকলে স্থানীয় বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সমিতিৰ উদ্যোগত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আন্দোলনত নামিছে।
সমিতিৰ কাৰ্যকৰ্তা সকলে ক্ষতিগ্ৰস্ত পৰিয়াল সকলৰ সাক্ষ্য ল’বলৈ যাওঁতে কালি তেওঁলোকৰ কেইবাজনকো প্ৰায় ১০০ জনমান ব্যক্তিয়ে আগুৰি ধৰি ভয়-ভাবুকি আৰু হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। কিন্তু আমি আচৰিত হৈছোঁ যে স্থানীয় পুলিচে সংগঠনৰ কৰ্মী সকলক নিৰাপত্তা দি দুষ্কৃতিকাৰী সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সলনি ওলোটাই তেওঁলোককহে পুলিচ থানাত আৱদ্ধ কৰি ৰাখিলে।
চিন্তাশূন্য নিৰ্মাণ কাৰ্যই ইতিমধ্যে ৰাজ্যখনৰ পৰিবেশতন্ত্ৰ কেনেকৈ বিঘ্নিত কৰিছে আমি দেখা পাইছোঁ। একাংশ লোকৰ বাণিজ্যিক স্বাৰ্থত কৃষিভূমি অধিগ্ৰহণ কৰি কাজিৰঙাৰ পৰিবেশ বিনষ্ট কৰি তাত এখন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ যোজা চলিছে আৰু শান্তিপূৰ্ণভাৱে আন্দোলনৰ যোগেদি তাৰ বিৰোধিতা কৰা কাৰণে সাধাৰণ কৃষক আৰু বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সমিতিৰ কৰ্মীসকলৰ ওপৰত এই ধৰণৰ দমন আৰু অত্যাচাৰ কৰা হৈছে।
এইখিনিতে আমি উল্লেখ কৰোঁ যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কাজিৰঙাত পঞ্চতাৰকা হোটেল খোলাৰ অনুমতি প্ৰদান কৰা নাই। কেন্দ্ৰীয় বন মন্ত্ৰীয়ে কৈছে যে কাজিৰঙাত কোনো পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব।তেনেস্থলত কাৰ সাহসত স্থানীয় এচাম লোকে এনে উদ্ভণ্ডালি কৰিব পাৰিছে! অসম নাগৰিক সমাজৰ হৈ আমি এই কাৰ্যৰ বিৰোধিতা কৰোঁ তাৰ গৰিহনা দিওঁ। আমি শান্তিপূৰ্ণ আন্দোলনকাৰী সকলক নিৰাপত্তা দিবলৈ আৰু যিসকলে তেওঁলোকৰ ওপৰত নিৰ্যাতন চলাইছে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’বলৈ স্থানীয় প্ৰশাসনৰ ওচৰত দাবী জনাওঁ।