চামগুৰিত শিক্ষা বিভাগৰ চৰম অবহেলাৰ বাবে জহি-খহি যাব ধৰিছে শতাধিক শিক্ষাৰ্থী থকা চাহ বাগিছা অঞ্চলৰ চৰকাৰী বিদ্যালয়

Image

চৰকাৰী বিদ্যালয়খনৰ দৃশ্য

প্ৰতিটো শিশুৰে শৈক্ষিক আৰু সৰ্বাংগিন বিকাশৰ বাবে প্ৰয়োজন হয় এটা সুন্দৰ পৰিবেশৰ কিন্তু ৰাজ্যৰ শাসনত থকা চৰকাৰখনৰ অধীনৰ বিয়াগোম শিক্ষা বিভাগে গ্ৰাম্যাঞ্চলৰ চৰকাৰী বিদ্যালয় সমূহত তেনে এক সুন্দৰ পৰিবেশ তৈয়াৰ কৰাত সফল হৈছেনে, ই এক অবুজ সাঁথৰ হৈছে।

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত তথা ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ এখন অতি জৰাজীৰ্ণ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় হ’ল আমনিত থকা টেটুলবস্তী প্ৰাৰ্থমিক বিদ্যালয়।

চাহ জনজাতি অধ্যুষিত এলেকাত থকা এই বিদ্যালয়খনত ১০৫ গৰাকী কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে অতি বিপদসংকুলভাৱে শিক্ষা গ্ৰহণ কৰিব লগীয়া হৈছে।

চৰকাৰী বিদ্যালয়খনৰ আন্তঃগাঁঠনি বৰ্তমান অতি পুতৌ লগা অৱস্থাত উপনীত হৈছে। ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা গৃহটোৰ মুধচত থকা কাঠৰ বাটাম ভগা, খুটা সমূহ পচা উঁইয়ে খোৱা, চাৰি বেৰত বহু সংখ্যক ফুটা।

বিদ্যালয়খনত কোনোধৰণৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাই, আনকি ছাত্ৰী তথা শিক্ষয়ত্ৰী সকলৰ বাবে বিদ্যালয় খনত প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰ ব্যৱস্থাও উপলব্ধ নায়।

ইফালে, বিদ্যালয়খনত থকা পকী আংগনৱাঢ়ী কেন্দ্ৰটো কেইবছৰমানৰ পূৰ্বে ধুমুহাই ক্ষতিগ্ৰস্ত কৰাৰ পাছত বিভাগীয় অৱহেলাৰ বাবে আজি পৰ্য্যন্ত  মেৰামতি কৰা নহ’ল।

অংগনৱাঢ়ী কেন্দ্ৰটোত শিক্ষাদান কৰাতো দুৰৰে কথা মেৰামতিৰ অভাৱৰ বাবে তাৰ ভিতৰত গছ-বন গজি মৰিশালীলৈ পৰ্যবসিত যোৱাৰ উপক্ৰম হৈছে।

উল্লেখযোগ্য যে, ১৯৮৫ চনতে স্থাপিত হোৱা বাগিছা এলেকাৰ অন্যতম বিদ্যালয়খন কেৱল চৰকাৰী স্বীকৃতিপ্ৰাপ্তহে হ’ল কিন্তু চৰকাৰী কৰনৰ ব্যৱস্থা কৰা নহ’ল। যাৰ বাবে বছৰ বছৰ ধৰি বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়ত্ৰী সকলে বিনাবেতনে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা দান কৰিব লগীয়া হৈছে।

ইয়াৰ ফলত কেৱল পাঠ্যপুথি আৰু মধ্যাহ্ন ভোজনৰ বাদে ইউনিফ’ৰ্ম আদি বহুবোৰ সুবিধাৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে বিদ্যালয়খনৰ ছাত্ৰীসকল।

পৰিতাপৰ বিষয় এইয়ে যে ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ বিদ্যালয়খনৰ এই অৱস্থাৰ বিষয়ে বহু সময়ত শিক্ষাখণ্ডৰ শিক্ষা বিষয়া গৰাকীক তথা সংশ্লিষ্ট বিভাগটোক অৱগত কৰি অহাৰ পিছতো আজি পৰ্য্যন্ত কোনো বিহিত ব্যৱস্থা হাতত নোলোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে।