NORTHEAST NOW (Assamese)

বছৰ বছৰ ধৰি অব্যৱহৃত হৈ থকা টীয়কৰ চটাইস্থিত শীতলীকৰণ গৃহৰ দুৰৱস্থা

April 29, 2020 11:12 am · নিৰ্মলেন্দু পাঠক
ফটো : নৰ্থ-ইষ্ট নাও

যোৰহাট জিলাৰ টীয়কৰ চটাইত অৱস্থিত যোৰহাট জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ অধীনস্থ শীতলীকৰণ গৃহটো উদ্বোধন কৰাৰ পাছতো আজি পৰ্যন্ত ব্যৱহাৰৰ অনুপযোগী হৈয়ে থাকিল। বৰ্তমান জহি খহি গৈছে গৃহটিৰ দুৱাৰ-খিৰিকী আদি।

লকডাউনৰ বাবে যি সময়ত কৃষক ৰাইজে কষ্টোপাৰ্জিত উৎপাদিত সামগ্ৰী যাতায়ত ব্যৱস্থা সুচল নোহোৱাৰ বাবে পেলাই দিব লগা হৈছে, সেই সময়ত ৰাজ্যিক কৃষি বিপনন পৰিষদৰ অধীনস্থ টীয়কৰ চটাইস্থিত শীতলীকৰণ গৃহৰ এনে দুৰৱস্থাই বিভাগটোৰ অচেতনতাক প্ৰতিফলিত কৰিছে বুলি সচেতন মহলে আক্ষেপ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে ২০১৬ চনতে আনুস্থানিকভাৱে এইশীতলীকৰণ গৃহটো মুকলি কৰিছিল ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই। তাৰ পৰৱৰ্ত্তী সময়ত উজনি অসমৰ বদ্ৰী ৰায় এণ্ড কোম্পানী নামৰ এটি দুলীয়াজানৰ প্ৰতিস্থানে ২০১৮ চনৰ জানুৱাৰীৰ পৰা এটা বছৰ শীতলীকৰণ গৃহটো ব্যৱহাৰ কৰে।

জানিব পৰা মতে পৰবৰ্তী সময়ত উক্ত কোম্পানীটোৱে এই শীতলীকৰণ গৃহত মজুত কৰা সামগ্ৰী নষ্ট হৈ যোৱাৰ ফলত পুনৰ গৃহটো ব্যৱহাৰ নকৰিলে আৰু তেতিয়াৰে পৰা এই পৰ্যন্ত শীতলীকৰণ গৃহটো ব্যৱহাৰ নোহোৱাকৈয়ে পৰি আছে।

গুৰুত্বপূৰ্ন বিষয় হ’ল যে টীয়কৰ দৰে কৃষি প্ৰধান এক অঞ্চলত অতি প্ৰয়োজনীয় শীতলীকৰণ গৃহটো  জহি খহি যাবলৈ এৰি দিয়াৰ পৰিৱৰ্তে সক্ৰিয় কৰি ৰখাটোত গুৰুত্ব দিবলৈ চৰকাৰক কৃষক ৰাইজে দাবী জনাইছে।

Related News