বিজেপিৰ পতাকাত ওলমিল জন্মনিৰোধক! তৃণমূললৈ সন্দেহৰ আঙুলি

Condom stuck on BJP flag

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ হৈছে পশ্চিম বংগত। এই নিৰ্বাচনৰ পূৰ্বে এতিয়া ৰাজ্যখনৰ ৰাজনীতিত তোলপাৰ লগাইছে ‘কণ্ডম’-বিতৰ্কই। এই বিতৰ্কৰ বাবে এতিয়া বাক-বিতণ্ডাত লিপ্ত হৈছে ৰাজ্যখনৰ শাসকীয় দল তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপি।

সমাগত পঞ্চায়ত নিৰ্বাচনৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টিয়ে জলপাইগুৰিত আয়োজন কৰিছিল এক সমাৱেশৰ। এই সমাৱেশৰ সময়ত দলটোৱে পথৰ কাষত আঁৰি থোৱা এখন পতাকাত ওলমি থকা দেখিবলৈ পোৱা গ’ল এটা কণ্ডম।

এই ঘটনাৰ লগে লগে ব্যাপক ভাৱে ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। আলোড়নৰ সৃষ্টি হয় ৰাজনৈতিক জগতৰ লগতে সাধাৰণ ৰাইজৰ মাজতো। ঘটনাক কেন্দ্ৰ কৰি বিজেপি কিষাণ মৰ্চাৰ জিলা সভাপতি নকুল দাসে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

দাসে ৰাজ্যৰ শাসকীয় দল তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে তোলে এই কাৰ্য কৰাৰ অভিযোগ। দাসৰ মৰে, তৃণমূল কংগ্ৰেছে বিজেপিৰ পতাকাত এইদৰে কণ্ডম লগোৱাৰ দৰে অসৎ কাম কৰিছে।

তেওঁ লগতে কয় যে তৃণমূল কংগ্ৰেছৰ পূৰ্বৰ কুখ্যাতিৰ ভিত্তিতে বিজেপিৰ পতাকাত কণ্ডম লগোৱা কাৰ্য দলটোৱেই কৰা বুলি তেওঁ ভৱিষ্যদ্বাণী কৰিছে। তৃণমূলৰ যুৱ শাখাৰ নেতা ছায়ানী ঘোষে শিৱলিংগত কণ্ডম পিন্ধোৱাৰ পূৰ্বৰ উদাহৰণ আছে বুলি তেওঁ দোহাৰে।

বিজেপি নেতাগৰাকীৰ এই অভিযোগৰ পিছতে বংগ আৰক্ষীয়ে অঞ্চলটোৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হোৱাৰ আশংকা কৰি বিজেপিৰ উক্ত পতাকাখন আঁতৰাই নিয়ে। আৰক্ষীয়ে লগতে এই কাৰ্যৰ আঁৰত কোন জড়িত আছে, সেই সন্দৰ্ভত তদন্তও আৰম্ভ কৰিছে।

বিজেপিয়ে লগতে এই কাৰ্যক দলৰ সুনাম নষ্ট কৰাৰ উদ্দেশ্যেৰে কৰা কু-অভিপ্ৰায় বুলি দাবী কৰে। দলটোৰ এগৰাকী মুখপাত্ৰই এই কাৰ্যক গৰিহণা দি এই কাৰ্যক দলৰ ভাবমূৰ্তি কলংকিত কৰি অপ্ৰয়োজনীয় বিতৰ্কৰ সৃষ্টি কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টা বুলি মন্তব্য কৰে।

ইফালে বিজেপিয়ে উত্থাপন কৰা অভিযোগ নাকচ কৰিছে তৃণমূল কংগ্ৰেছে। তৃণমূলৰ এগৰাকী স্থানীয় নেতাই এনে কাৰ্যক লজ্জাজনক আখ্যা দি এই কাৰ্যক দলে গৰিহণা দিছে বুলি মন্তব্য কৰে। তেওঁ লগতে তৃণমূলৰ কৰ্মীসকলে এই কাৰ্য কৰা বুলি বিশ্বাস নকৰিবলৈ আহ্বান জনায়।

তেওঁ কয়, “এই ঘটনাৰ বাবে তেওঁলোকে আমাক দোষাৰোপ কৰিছে যদিও আমি এই কাম কৰা নাই। কোনোৱেই পতাকা ফালিব নালাগে বা কোনো দলৰ পতাকাত এনেদৰে কোনো বস্তু ওলোমাই থোৱা উচিত নহয়। আমি এই কাৰ্যক কঠোৰভাৱে গৰিহণা দিছো।”

ইফালে এই ঘটনাক লৈ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰা বাবে তৃণমূলে বিজেপিক সমালোচনাও কৰে। তৃণমূলৰ মতে, এই বিতৰ্কৰ সৃষ্টি যৌন স্বাস্থ্য আৰু প্ৰজনন অধিকাৰকে ধৰি স্পৰ্শকাতৰ বিষয়ৰ প্ৰতি বিজেপিৰ পশ্চাদপসৰণশীল দৃষ্টিভংগীৰ প্ৰতিফলন।