বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

বৃহত্তৰ বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁৱৰ অল্ড ক’লনীস্থিত ৰে’লৱে ইনষ্টিটিউট প্ৰাংগণত অনুষ্ঠিত হৈ যায় ৷

বৃহত্তৰ বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ সভাপতি নিৰ্মল কুমাৰ বৈদে পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে৷ অনষ্ঠানত কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মন , বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ কুমাৰ দাস , বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱাল ,বিশিষ্ট শিশুৰোগ বিশেষজ্ঞ ডা: আই বৰদলৈ সহ কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
একেটা অনুষ্ঠানতে প্ৰশান্ত ৰায়ৰ সম্পাদনাত প্ৰকাশিত ’চেম্বাৰ্ছ ডায়েলগ ’ নামৰ এখনি স্মৰণিকা উন্মোচন কৰা হয় ৷

স্মৰণিকাখন উন্মোচন কৰে বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাসে ৷

উল্লেখ্য, বঙাইগাঁও জিলাৰ নাককাটিৰ বিশিষ্ট উদ্যোমী উদ্যোক্তা প্ৰহ্লাদ সিংহক অনুষ্ঠানত সম্বৰ্ধনা জনোৱাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয় আৰু তেওঁলৈ ১১ হেজাৰ টকাৰ চেক প্ৰদান কৰা হয় ৷

সমাজকৰ্মী প্ৰবীণ বৈশ্যই আঁত ধৰা অনুষ্ঠানত অভয়াপুৰীৰ শুক্লাধ্বজ দলে লোকবাদ্য আৰু লোককৃষ্টি প্ৰদৰ্শন কৰাৰ লগতে ৰাজস্থানী লোক কৃষ্টি প্ৰদৰ্শন কৰে ৷

শেষত অনুষ্ঠিত সাধাৰণ সভাত বিগত দিনত বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চে কৰি অহা সাংগঠনিক কাম – কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে সভাত বঙাইগাঁও চহৰ তথা চহৰ খনৰ ব্যৱসায়ী সকলৰ বিভিন্ন সমস্যা সমূহক লৈ বিস্তৃত আলোচনা কৰা হয় ।