NORTHEAST NOW (Assamese)

গুৱাহাটীত চাৰি ক’ভিড-১৯ আক্ৰান্তক লৈ ব্যাপক বিভ্ৰান্তি

May 8, 2020 1:55 am · কল্পজ্যোতি শইকীয়া
Updated: May 8, 2020 2:00 am
প্ৰতিনিধিত্বমূলক ছবি

চাৰিগৰাকী ব্যক্তি বৃহস্পতিবাৰে গুৱাহাটীত ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হোৱাৰ পিছতে বিষয়টোক লৈ ব্যাপক বিভ্ৰান্তি হোৱা পৰিলক্ষিত হৈছে।

বিভিন্ন সংবাদ মাধ্যমত এই লৈ বিভিন্ন বাতৰি প্ৰকাশ হৈছে। চ’চিয়েল মিডিয়াতো ইয়াক লৈ বেলেগ বেলেগ চৰ্চা হৈছে।

ডি ৱাই ৩৬৫ৰ এক বাতৰিত বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানৰ এগৰাকী ৰোগীক মৃত্যুৰ পিছত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে বুলি কোৱা হৈছে।

নিউজ লাইভৰ বাতৰিটো এগৰাকী ১৬ বছৰীয়া ছোৱালীৰ মৃত্যুৰ পিছত ক’ভিড-১৯ পজিটিভ পোৱা বুলি প্ৰকাশ পাইছে।

ডি ৱাই ৩৬৫ৰ বাতৰি মতে গুৱাহাটীত আক্ৰান্তসকলৰ মাজত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ এগৰাকী চিকিৎসকো আছে।

চানমাৰিৰ এগৰাকী মহিলা স্বাস্থ্য কৰ্মীও ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি প্ৰকাশ পাইছে।

আনহাতে সৰুসজাই কুৱাৰেণ্টাইন কেন্দ্ৰত থকা এগৰাকীকো ক’ভিড-১৯ পজিটিভ পোৱা বুলি বাতৰি ওলাইছে।

বিষয়টোক লৈ বহু সাংবাদিকে তথ্য আৰু জনসংযোগ বিভাগৰ হোৱাটএপ গ্ৰুপতো বাৰ্তা দি আছে যদিও কোনো উত্তৰ পোৱা হোৱা নাই।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কৰা টুইট মতে চাৰিগৰাকী ক’ভিড-১৯ আক্ৰান্তৰ তিনিগৰাকী গুৱাহাটীৰ আৰু এগৰাকী বাহিৰৰ পৰা অহা আৰু তেওঁ কুৱাৰেণ্টাইনত থকা।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ কৰা টুইটতো এই বিষয়ে উল্লেখ কৰা নাই।

Related News