NORTHEAST NOW (Assamese)

আকৌ কংগো জ্বৰ! ৫ বছৰৰ পিছত পুনৰ দেখা দিছে এই ৰোগে : ইতিমধ্যে এজনৰ মৃত্যু

January 29, 2025 10:20 am · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াকৈ গুইলেইন-বাৰে চিনড্ৰমক লৈ আতংক বিয়পি পৰিছে। ইফালে গুজৰাটলৈ ঘূৰি আহিছে ‘কংগো জ্বৰ! এই ৰোগত এজন ব্যক্তিৰ মৃত্যু হৈছে।

জানিব পৰা মতে, শেহতীয়াকৈ জামনগৰত ৫১ বছৰীয়া এজন যুৱকৰ মৃত্যু হৈছে।

মোহনভাই নামৰ এই লোকজন যোৱা ২১ জানুৱাৰীৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছিল। সোমবাৰে তেওঁৰ মৃত্যু হয়।

মৃতকৰ মৃতদেহৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে পুনেলৈ প্ৰেৰণ কৰা হৈছে।

চিকিৎসকে কয় যে দেশত এই ৰোগত আক্ৰান্ত হৈ ৫ বছৰৰ পিছত ৰোগীৰ মৃত্যু হৈছে।

কংগো জ্বৰ কি?

ইয়াৰ সম্পূৰ্ণ নাম ক্ৰিমিয়ান কংগো হেমৰেজিক জ্বৰ বা চিচিএইচএফ। এই ৰোগৰ বাবে এতিয়ালৈকে কোনো ভেকচিন প্ৰস্তুত কৰা হোৱা নাই আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে এই ৰোগৰ মৃত্যুৰ হাৰ ৪০ শতাংশ পৰ্যন্ত হব পাৰে।

এই ৰোগৰ ফলত তীব্ৰ জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, অলসতা আদি হয়। তদুপৰি এই ৰোগত আক্ৰান্ত হোৱাৰ ২ দিনৰ ভিতৰত পেট বেয়া, মুখ, ডিঙি, ছালত ফোহা ওলাব পাৰে।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে এই ৰোগ প্ৰায়ে পশুধনৰ পৰা সংক্ৰমিত হয়। গতিকে সচেতন হোৱাটো জৰুৰী।

যদিও মানুহৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা এতিয়াও দেখা পোৱা নাই, তথাপিও সেয়া সম্ভৱ নহয় বুলি কোৱা হোৱা নাই।

সংক্ৰমিত ব্যক্তিৰ ঘনিষ্ঠ সংস্পৰ্শৰ দ্বাৰা বা তেওঁলোকৰ তেজ বা শৰীৰৰ অন্যান্য তৰল পদাৰ্থৰ সংস্পৰ্শৰ দ্বাৰা সংক্ৰমণ বিয়পিব পাৰে।

Related News