হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকললৈ মুখ্যমন্ত্ৰীৰ অভিনন্দন

Power Meeting 5

আজি ফলাফল ঘোষণা কৰা অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত স্থান লাভ কৰা সকলৰ লগতে সমূহ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

মুখ্যমন্ত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীৰে উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰী সকললৈও অভিনন্দন জনাইছে।

এক বাৰ্তাত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম, নিৰলস প্ৰয়াস, একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত এই গুৰুত্বপূৰ্ণ পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে।

এই ফলাফলে ছাত্ৰ-ছাত্ৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে ছাত্ৰ-ছাত্ৰী সকলে নিজৰ শক্তিশালী ভৱিষ্যৎ গঢ়াৰ লগতে ৰাজ্যখনৰ সুনাম বৃদ্ধি কৰাৰ বাবে আগন্তুক সময়ত অধিক নিষ্ঠা, একাগ্ৰতা আৰু প্ৰতিযোগিতামুখী মনোভাৱেৰে অধ্যয়নত ব্ৰতী হ’ব লাগিব।

প্ৰকৃত মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তোলাৰ বাবে দৃঢ়তাৰে অধ্যয়নত মনোনিৱেশ কৰি ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াবলৈ মুখ্যমন্ত্ৰী সোণোৱালে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাগত তথা বৃত্তিগত জীৱনৰ সফলতাৰ সমান্তৰালভাৱে এটা মূল্যবোধ সম্পন্ন জীৱন গঢ়াৰ বাবেও দৃঢ়তাৰে আগবাঢ়িব যাবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰী সোণোৱালে এই পৰীক্ষাত কৃতকাৰ্য হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰী সকলকো হতাশ নহৈ দৃঢ় লক্ষ্য লৈ অধিক নিষ্ঠা আৰু একাগ্ৰতাৰে অধ্যয়নত ব্ৰতী হ’বলৈ আহ্বান জনায় যাতে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত সফলতাৰে নিজকে জীৱনত প্ৰতিষ্ঠা কৰিব পাৰে।