বিটিচিত মিত্ৰ হৈ যুঁজ দিব কংগ্ৰেছ-এআইয়ুডিএফে; সংবাদমেলত বিজেপিৰ মতাদৰ্শক কঠোৰ সমালোচনা দুৰ্গা দাস বড়োৰ  

Congres and AIUDF press meet

কংগ্ৰেছ আৰু এআইয়ুডিএফৰ সংবাদমেল

ৰাজ্যসভাত অজিত কুমাৰ ভূঞাক সন্মিলিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পাছত এইবাৰ বিটিচি নিৰ্বাচনতো যৌথ ভাৱে আগবাঢ়িব কংগ্ৰেছ-এআইইউডিএফ।

বিটিচি পৰিষদীয় ৪০খন আসনৰ ২০খনত প্ৰাৰ্থীত্ব প্ৰদান কৰিব দুই যৌথ শক্তিয়ে।

১৩ খন আসনত কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে ৭ খন আসনত এআইইউডিএফে প্ৰাৰ্থীত্ব প্ৰদান কৰিব ।

মঙলবাৰে দুয়োটা দলে যুটীয়াভাৱে এক সংবাদ মেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে।

‘‘বিটিচিত আমাৰ সহায় অবিহনে কোনো দলৰে চৰকাৰ নহয়।বিজেপিৰ বাহিৰে যিসকল দলৰ সৈতে আমাৰ মতাদৰ্শ মিলে তেনে সকলো দলক চৰকাৰৰ গঠনত সহযোগ কৰা হব,’’ মহানগৰী হাটীগাঁও গ্ৰেণ্ড মেজিষ্টি হোটেলত অনুষ্ঠিত কৰা সংবাদ মেলখনত উপস্থিত থাকি কংগ্ৰেছ দল মুখপাত্ৰ দুৰ্গা দাস বড়োৱে কয়

‘‘বিজেপিৰ ৰামধেনুৰ সাতোটা ৰং সদৃশ ঐক্য আজি ওলোটা হ’ল। ইতিমধ্যে ৰাভা-টিৱা কাউঞ্চিল শেষ হৈছে। মিছিং সকলৰ ৰনোজ পেগুৰ আজি ৰং সলনি হৈছে,’’বড়োৱে লগতে কয়।

বিপিএফক বিজেপিয়ে ৰাজনৈতিক ড্ৰেগাৰ মাৰিলে বুলিও দুৰ্গা দাস বড়োৱে উল্লেখ কৰি এইবাৰ বিজেপিৰ টাৰ্গেট বিপিএফ বুলি কয়।

আনহাতে, সংবাদমেলতে এআইইউডিএফ দলে ছয় জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে।

সেই অনুসৰি ১নং পৰ্বতজুড়াত দিলীপ কুমাৰ ব্ৰহ্ম, ফকীৰাগ্ৰামত আনোৱাৰ হুছেইন, থৈৰীবাডী খলিলোৰ ৰহমান, ধনশ্ৰীত মিথাৰাম বসুমতাৰী, মধৈবাৰীত ৱাচিম আক্রাম চৌধুৰী, অন্য এজন ফাৰহাদ হুছেইনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

ইফালে, মানস চেফাংত প্ৰাৰ্থী ঘোষণা কৰিবলৈ এতিয়াও দলটোৱে বাকী আছে যদিও পৰবৰ্তী সময়ত ঘোষণা কৰিব বুলি কয়।

কৰ’নাৰ বাবে বিটিচি নিৰ্বাচনত প্ৰভাৱ পৰিব বুলি মন্তব্য কৰি দুৰ্গা দাস বড়োৱে ৰাজ্য চৰকাৰে বিটিচিৰ জনতাৰ দায়িত্ব লব লাগে বুলি উল্লেখ কৰি যদি নিৰ্বাচন হয় কংগ্ৰেছে সহযোগ কৰিব কিন্তু ক’ৰনাৰ বাবে যদি বিটিচিৰ জনসাধাৰণৰ প্ৰতি ভাবুকি আহে তেন্তে তাৰ বাবে  চৰকাৰ দায়ী হ’ব বুলি কয়।

আনহাতে, দুয়োটা দলে চৰকাৰ গঠনৰ অংশীদাৰ হলে বড়ো-অবড়োৰ মাজত বিটিআৰে সৃষ্টি কৰা সংঘাত নিৰ্মূল কৰাৰ লগতে বিভাজনৰ ৰাজনীতি শেষ কৰা হব বুলিও সংবাদমেলত বড়োই কয়।

সংবাদ মেলত উপস্থিত আছিল কংগ্ৰেছৰ ৱাজেদ আলি চৌধুৰী, এআইইউডিএফৰ আমিনুল ইছলাম, বাচিল চাহাব প্ৰমুখ্যে দুয়োটা দলৰ বহুকেইজন নেতা।