উপ নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কংগ্ৰেছৰ, কোনে কোনে পালে প্ৰাৰ্থিত্ব ?

Assam Byelection

আগন্তুক উপ নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে কংগ্ৰেছে।

মৰিয়নি আৰু ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ নাম কালি ঘোষণা কৰা হয়।

মৰিয়নি সমষ্টিৰ বাবে লোহিত কোঁৱৰ আৰু ভৱানীপুৰ সমষ্টিৰ বাবে শৈলেন্দ্ৰ দাসৰ নাম ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছে।

ইতিমধ্যে উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া তিনিটা সমষ্টিৰ প্ৰাৰ্থী তালিকা কালি ঘোষণা কৰিছিল কংগ্ৰেছে।

সেই অনুসৰি গোসাইগাঁৱত জুৱেল টুডু, তামুলপুৰত ভাস্কৰ দাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰক কংগ্ৰেছে পাৰ্থিত্ব প্ৰদান কৰিছে।

প্ৰদেশ কংগ্ৰেছে অসম জাতীয় পৰিষদৰ সৈতে প্ৰাক্ নিৰ্বাচনী মিত্ৰতাৰে ইতিমধ্যে আসনৰ বুজাবুজি চুড়ান্ত কৰিছে। জাতীয় পৰিষদৰ বাবে মাজুলীৰ বিধানসভা আসন এৰি দিছে কংগ্ৰেছে।

আনহাতে ৰাইজৰ দলৰ সৈতে মিত্ৰতা সম্ভৱ নহ’ল প্ৰদেশ কংগ্ৰেছৰ। দলটোৱে ৰাইজৰ দলক ভৱানীপুৰ সমষ্টিৰ আসন এৰি দিছিল যদিও সেই সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিবলৈ অমান্তি হয় ৰাইজৰ দল।