বিজেপিতকৈয়ো চৰা বিৰোধী! গেৰুৱা বাহিনীৰ মিছন ১০০+ৰ পিছত কংগ্ৰেছেও ঘোষণা কৰিলে মিছন ১০১+

a congress

বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত মিছন ১০০+ ঘোষণা কৰাৰ সময়তে আজি বিৰোধী কংগ্ৰেছেও ঘোষণা কৰে বিধানসভা নিৰ্বাচনত লাভ কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা আসনৰ সংখ্যা।

স্থানীয় এটা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে আজি আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে ১০১+ খন আসনৰ লক্ষ্য স্থিৰ কৰাৰ কথা ঘোষণা কৰিছে।

তেওঁ অৱশ্যে কয়  যে কংগ্ৰেছে অকলে এই আসন লাভ কৰাৰ পৰিকল্পনা কৰা নাই।   এআইইউডিএফকে ধৰি মিত্ৰজোঁটত থকা দল সমূহে মিলি বিধানসভা নিৰ্বাচনত ১০১+ আসন লাভ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আজি মৰিগাঁও জিলাৰ লাহৰীঘাটত দৃঢ়তাৰে কয়।

উল্লেখ্য প্ৰথমাৱস্থাত কংগ্ৰেছে ৮০ খন আসনৰ লক্ষ্য স্থিৰ কৰিছিল যদিও এআইইউডিএফ আৰু বাওঁ দল সমূহৰ সৈতে হোৱা মিত্ৰতাৰ পিছত সেই লক্ষ্য ১০১+লৈ বৃদ্ধি কৰে। উল্লেখ্য কিছুদিন পূৰ্বে কংগ্ৰেছৰ সৈতে পাঁচটা দলৰ মিত্ৰতা হৈছিল ।

সেই মৰ্মে কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত হোৱাৰ   লগতে আঞ্চলিক গণ  মৰ্চা, CPI, CPI(M) CPI(ML)ৰ লগতো দলটোৰ মিত্ৰতা হৈছিল।

গুৱাহাটীৰ  হোটেল palacio ত এক সংবাদমেল সম্বোধন কৰি এই কথা জনাইছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থতে তেওঁলোক একত্ৰিত হোৱা বুলি উল্লেখ কৰিছিল ৰিপুন বৰাই।

উক্ত সংবাদমেলত উপস্থিত আছিল  চট্টিশগড়ৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ভূপেশ  বাঘেল, তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আদি ব্যক্তিসকল।

সংবাদমেলত উপস্থিত  আছিল AIUDF ৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম, বিধায়ক ৰচিদ হক চৌধুৰী, আঞ্চলিক গণ মৰ্চাৰ নেতা অজিত ভূঞা, মনজিত মহন্ত, CPI CPI(M) আৰু CPI(ML)দলৰ নেতৃত্ব।