বিধেয়কৰ বিৰোধিতাৰে বিজেপি-এম এন এফক ভোট নিদিবলৈ মিজোৰামবাসীক আহ্বান কংগ্ৰেছৰ

3-1-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপনত ব্যৰ্থ হোৱাৰ পিছৰে পৰা উত্তৰ-পূবত বিধেয়ক বিৰোধী আন্দোলন স্তিমিত হৈ পৰিছিল। কিন্তু ১৭ ফেব্ৰুৱাৰি অৰ্থাৎ দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে বিধেয়কখনৰ সমৰ্থনত কৰা মন্তব্যত এতিয়া পুনৰ জাঙুৰ খাই উঠিছে উত্তৰ-পূবৰ দল-সংগঠন তথা ৰাজনৈতিক দলসমূহ।

অসমত এক অনুষ্ঠানত অংশ ল’বলৈ আহি নিজৰ ভাষণ প্ৰসংগত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে বিধেয়কৰ সমৰ্থনত কৰা মন্তব্যৰ বিৰুদ্ধাচৰণ কৰি মিজোৰামৰ কংগ্ৰেছে ৰাজ্যবাসীক আগন্তুক নিৰ্বাচনত এম এন এফ আৰু বিজেপি দলক ভোট নিদিবলৈ আহ্বান জনায়।

মিজোৰাম কংগ্ৰেছৰ হৈ মুখপাত্ৰ লালিয়ানছুংগাই আৰু কয় যে যদিহে এই বিধেয়কখন ৰাজ্যসভাত পুনৰ উত্থাপিত হয় তেন্তে কংগ্ৰেছ ৰাজ্যবাসীৰ হৈ মৰণপণ যুঁজত অৱতীৰ্ণ হ’ব কিয়নো বিধেয়কখন মিজোৰামৰ বাবে অত্যন্ত হানিকাৰক।

‘সেয়ে মই ক’ব বিচাৰো যে বিজেপি দল আৰু তেওঁলোকৰ নেতাসকলে এই বিধেয়কখন ৰাজ্যসভাত পুনৰ উত্থাপন কৰাৰ পূৰ্বে উত্তৰ-পূব তথা ইয়াত বাস কৰা লোকসকলক প্ৰথমে বুজি লব লাগিব’। এইদৰে কয় কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে।

ইয়াৰ উপৰি তেওঁ কয় যে যদিহে এই বিধেয়কখন গৃহীত হয় তেন্তে ভাৰতীয় গণতন্ত্ৰ আৰু একতাৰ ওপৰত বৃহৎ ভাবুকি আহিব। তদুপৰি এই বিধেয়কখনে মিজোৰামবাসীৰ হিতৰ বিপৰীতে কাম কৰিব।

উল্লেখ্য যে বিজেপি পুনৰ শাসনত অধিষ্ঠিত হ’লে এই বিধেয়কখন ৰাজ্যসভাত পুনৰ উত্থাপন কৰা হ’ব বুলি যোৱা ১৭ ফেব্ৰুৱাৰিত অসমৰ লখিমপুৰত আয়োজিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ এক অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে মন্তব্য কৰিছিল।

উক্ত মন্তব্যত আক্ষেপ প্ৰকাশ কৰি মুখপাত্ৰগৰাকীয়ে কয় যে বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূবত প্ৰবল প্ৰতিবাদ হোৱাৰ পিছতো বিজেপিয়ে উক্ত জাতিধ্বংসী বিধেয়কখন পুনৰ উত্থাপন কৰিব বুলি কৰা মন্তব্যত প্ৰমাণিত হয় যে বিজেপিয়ে উত্তৰ-পূবৰ আবেগ বুজি নাপায় তথা গুৰুত্ব প্ৰদান নকৰে।