হিমন্ত বিশ্বৰ দুৰ্গত আঘাত হনাৰ যুঁজত কংগ্ৰেছৰ সেনাপতি হ’ব ভানু

Screenshot_20190311-154819-01-1140x570

নিৰ্বাচনী প্ৰচাৰসভাত এম জি ভি কে ভানু। ফাইল ফটো

বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ সামৰণি পৰিল। অসমতো পাঁচটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ’ল। এতিয়া ৰাজনৈতিক দলবোৰে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যুদ্ধকালীনভাৱে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।

ইয়াৰ মাজতে কংগ্ৰেছে তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুক জালুকবাৰী বিধানসভা সমষ্টিৰ নিৰ্বাচনী দায়িত্বত নিযুক্তি দিছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সামৰণি পৰাৰ এদিন পাছতে ভানুক এই দায়িত্ব অৰ্পণ কৰা হৈছে।

স্বাভাৱিকতে মন্ত্ৰী তথা বিজেপিৰ প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত ভানুৰ এই নিযুক্তিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ তথা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে শুকুৰবাৰে জালুকবাৰীত দলৰ নিৰ্বাচনৰ ভাৰপ্ৰাপ্ত নেতাৰ দায়িত্বত ভানুক নিযুক্তি দিয়ে। তুতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত জালুকবাৰী বিধানসভা সমষ্টিৰ দায়িত্বত থাকিব ভানু।

বৃহস্পতিবাৰে সামৰণি পৰা তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাই ভানুৰ বিৰুদ্ধে তীব্ৰ বাক্যবান ব্যৱহাৰ কৰিছিল। ভানুক এগৰাকী বহিৰাগত প্ৰাৰ্থী হিচাপে অভিহিত কৰি নিৰ্বাচনী উত্তাপ বৃদ্ধি কৰিছিল শৰ্মাৰ লগতে প্ৰাৰ্থী পল্লৱ লোচনৰ প্ৰচাৰে।

এতিয়া কংগ্ৰেছে ভানুক জালুকবাৰীৰ দায়িত্ব দি হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গত আঘাত হনাৰ পৰিকল্পনা ৰচনাৰ ভাৰ অৰ্পণ কৰিছে। ইয়াৰ ফলত আগন্তুক দিনকেইটাত জালুকবাৰীত নিৰ্বাচনী উত্তাপ বৃদ্ধি পোৱাৰ সম্ভাৱনাও অৱশ্যে কিছু বৃদ্ধি পাব বুলি আশা কৰা হৈছে।