মাৰ্ঘেৰিটাত কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন বৰগোঁ‌হাইক বিপুল আদৰণি

IMG-2

১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভ কৰিছে যুৱনেতা মনোৰঞ্জন বৰগোঁ‌হাইয়ে।

আজি গুৱাহাটীৰ পৰা গৃহ সমষ্টি মাৰ্ঘেৰিটাত আহি উপস্থিত হোৱাৰ পাছতে মনোৰঞ্জন বৰগোঁ‌হাইক কেইবা শতাধিক কৰ্মী, সমৰ্থকে পাৱৈৰ পৰা বাইক ৰেলীৰে আদৰি আনে।

প্ৰথম বাৰৰ বাবে টিকট লাভ কৰিবলৈ সক্ষম হোৱা বৰগোঁ‌হাইয়ে ৰাইজৰ যথেষ্ট সমৰ্থন থকাৰ কথা দাবী কৰি কয় যে সমষ্টিৰ ৰাইজে নিশ্চয় তেওঁক সহায় কৰিব।

উল্লেখ্য যে  ৰাজ্যত এতিয়া প্ৰাৰ্থিত্বকেন্দ্ৰীক সংঘাত চলিছে।

১২৪নং মাঘেৰিটা বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছতে ক্ষোভিত হৈ পৰিছে বঞ্চিত দুই প্ৰাৰ্থিত্ব প্ৰত্যাশী বাসুদেৱ চেত্ৰী আৰু ৰুবুল গগৈ।

এই সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মনোৰঞ্জন বৰগোঁ‌হাইয়ে কয় যে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছত অসন্তুষ্টি স্বাভাৱিক যদিও আলোচনাৰ মাজেৰে সমাধান হ’ব বুলি তেওঁ আশা  প্ৰকাশ কৰে।

দলৰ সকলো নেতা কৰ্মীৰ ওপৰত আস্থা থকাৰ কথা জানিবলৈ দিয়ে মনোৰঞ্জন বৰগোঁ‌হাইয়ে।