বোকাখাতত কংগ্ৰেছে পাতিলে প্ৰতাৰণা দিৱস : নৰেন্দ্ৰ মোডীৰ প্ৰতিশ্ৰুতিৰ প্ৰতিলিপি দাহ

IMG-20200803-WA0027~2

নিৰ্বাচনৰ পূৰ্বেই প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী, কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দিয়া ভুৱা প্রতিশ্রুতিৰে অসমৰ জনসাধাৰণক প্ৰতাৰণা কৰাৰ অভিযোগেৰে আজি অসম প্ৰদেশ কমগ্ৰেছৰ নেতৃত্বত বোকাখাততো প্ৰতাৰণা দিৱস পালন কৰে বোকাখাত ব্লক কংগ্ৰেছে৷

বোকাখাতৰ গান্ধী ভৱন প্ৰাংগনত আয়োজিত এই দিৱসৰ কাৰ্যসুচীত বোকাখাত ব্লক কংগ্ৰেছৰ কৰ্মকৰ্তাই নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সণোৱাল চৰকাৰে জনসাধাৰণক দিয়া মিছা প্ৰতিশ্ৰুতি সমুহৰ প্ৰতিলিপি দাহ কৰে৷

বোকাখাত ব্লক কংগ্ৰেছৰ মতে ২০১৭ চনত অসমত হােৱা প্রলয়ংকাৰী বানপানীৰ খবৰ ল’বলৈ প্রধানমন্ত্রী নৰেন্দ্র মােডী ১ আগষ্টত অসমলৈ আহি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বানপানীৰ ক্ষয়ক্ষতিৰ বাবে ২৩৫০ কোটি টকা, তৎকালীনভাৱে অসমক ২৫০ কোটি টকা, ব্ৰহ্মপুত্ৰৰ খহনীয়া প্রতিবােধৰ বাবে ৪০০ কোটি টকা আৰু ব্রহ্মপুত্র অৱবাহিকাৰ অধ্যয়নৰ বাবে ১০০ কোটি টকা দিয়াৰ কথা নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল৷

২০১৬ চনৰ ২৪ অক্টোবৰত নতুন দিল্লীত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ উপস্থিতিত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে অসমৰ বান নিয়ন্ত্ৰণৰ বাবে ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে ১ লাখ কোটি টকা বিনিয়ােগ কৰি এক্সপ্রেছ হাইরে নির্মাণ কৰা হ’ব বুলিও প্রতিশ্রুতি দিছিল। এই সমুহ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল৷

২০১৪ চনৰ বিজেপিৰ ৰাষ্ট্ৰীয় ইস্তাহাৰ আৰু ২০১৬ চনৰ অসম বিধানসভা নির্বাচনৰ পূর্বে বিজেপি দলে প্রকাশ কৰা ভিজন ডকুমেন্টত অসমৰ বানপানী নিয়ন্ত্ৰণৰ বাবে দিয়া প্রতিশ্রুতিসমূহ ক’ত গ’ল বুলি প্ৰশ্ন কৰে বোকাখাত ব্লক কংগ্ৰেছে৷

ইয়াৰ উপৰিও মুখ্যমন্ত্রী সােণােৱাল ডাঙৰীয়াই ব্রহ্মপুত্রৰ বানপানী নিয়ন্ত্রণৰ বাবে ড্রেজাৰেৰে ব্রহ্মপুত্রৰ বুকুত খনন কৰা হ’ব বুলিও প্রতিশ্রুতি দিছিল যদিও কাৰ্যত সিও হৈ নুঠিল৷

নমামী ব্ৰহ্মপুত্ৰ আৰু নমামী বৰাক উৎসৱ পাতি এই দুয়াে নদীৰ বান নিয়ন্ত্ৰণৰ বাবে দিয়া প্রতিশ্রুতি সমূহ আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল বুলি আজিৰ প্ৰতাৰণা দিবসত উল্লেখ কৰে বোকাখাত ব্লক কংগ্ৰেছে৷

এই সমুহ প্ৰতিশ্ৰুতিৰে নৰেন্দ্ৰ মোডীয়ে কাৰ্যত অসমৰ জনসাধাৰণক প্ৰতাৰণাহে কৰিলে বুলি মন্তব্য কৰে কংগ্ৰেছৰ সদস্যসকলে৷

বোকাখাত ব্লক কংগ্ৰেছৰ এই প্ৰতাৰণা দিৱসত ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মী, অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক পৰাগ শইকীয়া, দাদু টায়, হৰি প্ৰসাদ শইকীয়া, জিলা মহিলা কংগ্ৰেছৰ সভাপতি মিনতি দলে, জিলা জনজাতি কংগ্ৰেছৰ মামনি দলে,  ব্লক কংগ্ৰেছৰ সম্পাদক ক্ৰমে লক্ষী প্ৰসাদ শইকীয়া, সীমান্ত শইকীয়া আৰু জিতু শইকীয়াৰ লগতে দলীয় বিষয়া কৰ্মী উপস্থিত থাকে৷