কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীক গংগা ৰাম চিকিৎসালয়ত ভৰ্তি

কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক কোভিড সম্পৰ্কীয় সমস্যাৰ বাবে দেওবাৰে নতুন দিল্লীৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

কংগ্ৰেছ নেত্ৰী ৰণদীপ সিং সুৰজেৱালাই এক টুইটযোগে কয়, “কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক কোভিদ সম্পৰ্কীয় সমস্যাৰ বাবে আজি গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁক পৰ্যৱেক্ষণৰ বাবে চিকিৎসালয়ত ৰখা হ’ব।”

ছোনিয়া গান্ধীয়ে দেওবাৰে নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে ছাৰ গংগা ৰাম চিকিৎসালয়লৈ গৈছিল।

তেওঁক বৰ্তমান চিকিৎসকে পৰীক্ষা কৰি আছে আৰু তেওঁৰ বৰ্তমানৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য ১ জুনত জ্বৰ হোৱাৰ পিছতে কোভিডৰ পৰীক্ষা কৰোৱাত ছোনিয়া গান্ধী কোভিডত আক্ৰান্ত বুলি নিশ্চিত কৰা হৈছিল।

উল্লেখ্য নেচনেল হেৰাল্ড গোচৰত ২৩ জুনত ছোনিয়া গান্ধীক ইডিৰ সন্মুখত হাজিৰ হ’বলৈ কোৱা হৈছিল।

৭৫ বছৰীয়া গান্ধীক আগতে ৮ জুনত সাক্ষ্য দিবলৈ কোৱা হৈছিল । কিন্তু তেওঁ কোভিডত সংক্ৰমিত হোৱা বাবে তদন্তকাৰী সংস্থাটোৰ পৰা নতুন তাৰিখ বিচাৰিছিল।